নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস্তাত নিষিদ্ধ মাংস পেলোৱাক লৈ উত্তপ্ত আগমনি, তীব্ৰ প্ৰতিবাদ গাঁওবাসীৰ

আগমনিৰ পোকালাগি গাঁৱত সন্দেহজনক গো-মাংস পেলোৱা লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। যাৰ বাবে পথ অৱৰোধ কৰে গাঁওবাসীয়ে। কালি নিশা এই ঘটনা সংঘটিত হয়।

ঘটনা অনুসৰি গো-মাংসক কেন্দ্ৰ কৰি আগমনিৰ অসম বংগ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম বংগ সীমান্তৰ পোকালাগী চতুৰ্থ খণ্ড গাঁৱৰ মোদকপাৰাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফলত প্ৰতিবাদকাৰী মহিলাই আবদ্ধ কৰে আৰক্ষীৰ বাহন। প্ৰতিবাদকাৰীৰ দাবী- অচিনাকি মাংস বেপাৰীয়ে মোদকপাৰা হৈ নিষিদ্ধ মাংস লৈ যোৱাৰ পথত পোকালাগী চতুৰ্থ খণ্ড গাঁৱৰ মোদকপাৰাত ৫/৬টা স্থানত নিষিদ্ধ মাংসৰ টুকুৰা পেলাই থৈ যায়।

ইয়াৰ পিছতে ৰাস্তা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মোদকপাৰা গাঁৱৰ গাঁওবাসীয়ে। গাঁওবাসীয়ে হাতে হাতে ঝাড়ু লৈ কৰে এই প্ৰতিবাদ। আৰক্ষীক ঝাড়ু দেখুৱাই শ শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ধুবুৰী জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত নোহোৱালৈকে ৰাস্তা অৱৰোধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। পিছত ঘটনাস্থলীত উপস্থিত হয় হালাকুৰা আৰু ছাগলীয়া আৰক্ষী।

উল্লেখ্য যে পোকালাগী চতুৰ্থ খণ্ড গাঁৱৰ এইটো ৰাস্তাৰে গো-মাংস বেপাৰীয়ে সঘনাই মাংস লৈ যোৱাৰ অভিযোগ উঠি আহিছে।

নিয়মীয়া বাৰ্তা, আগমনি, ২৬ আগষ্ট

You might also like