নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে অকলে নির্বাচন খেলি কফিনত শেষ গজাল মাৰিবঃ অখিল গগৈ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  আসন্ন উপ–নির্বাচনত কংগ্রেছে অকলে নির্বাচনী যুঁজত অৱতীর্ণ হ’লে দলটোৱে এখনো আসনত জয়লাভ কৰিব নোৱাৰে৷ আটাইকেইখন আসনতে কংগ্রেছ পৰাজিত হ’ব৷ অসমৰ পৰা কংগ্রেছ শূন্য হৈ যাব৷ নিজেই নিজৰ কফিনত শেষ গজাল মাৰিব৷ – এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷

সোমবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত বিধায়ক গগৈয়ে কয় যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে নির্বাচনত অৱতীর্ণ হোৱাৰ পৰিৱর্তে যদিহে কংগ্রেছে অকলেই নির্বাচনত অৱতীর্ণ হ’ব বিচাৰিছে, তেতিয়াহ’লে তেওঁলোকে বিজেপিক জিকোৱাৰ ষড়যন্ত্র কৰিছে, চক্রান্ত কৰিছে৷ বিজেপিৰ লগত বুজাবুজি হৈছে৷ এই প্রসংগতে তেওঁ ড০ হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞাক সমালোচনা কৰি কয় যে যোৱাবাৰ তেওঁলোকে আমাক দোষাৰোপ কৰিছিল৷ এইবাৰ আমাক দোষ দিলে নহ’ব৷ অকলে নির্বাচন খেলিলে উপ–নির্বাচনত কংগ্রেছটো জিৰ’ হ’বই৷ অসমতো কংগ্রেছ শূন্য হৈ পৰিব৷

উল্লেখ্য যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ উপ–নির্বাচনত অৱতীর্ণ হ’ব লাগে বুলি একাংশৰ মাজত চর্চা চলি থকাৰ সময়তে প্রদেশ কংগ্রেছৰ নৱনিযুক্ত কার্যকৰী সভাপতি ৰাণা গোস্বামীয়ে মৰিয়নি, থাওৰাকে ধৰি উপ–নির্বাচন হ’বলগীয়া আটাইকেইটা সমষ্টিতে কংগ্রেছে প্রার্থিত্ব আগবঢ়াব আৰু এই সম্পর্কত অহা ৪ আগষ্টত দলৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব বুলি কৰা ঘোষণাৰ পাছতেই কংগ্রেছৰ বিৰুদ্ধে তেনেদৰে সমালোচনাত মুখৰ হৈ পৰে বিধায়ক গগৈ৷

ইপিনে, মিজোৰামৰ আগ্রাসন সম্পর্কত অসম চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি বিধায়ক গগৈয়ে কয় যে যোৱা ২৬ জুলাইত সংঘটিত ঘটনাৰ পাছত সর্বভাৰতীয় আৰু উত্তৰ–পূব পর্যায়তে মিজোৰামৰ প্রতিহে অন্য ৰাজ্যৰ সমর্থন দেখা গ’ল৷ অসমে সর্বভাৰতীয় পর্যায়ত বা উত্তৰ–পূব পর্যায়ত জনমত গঠন কৰিব, সহানুভূতি আদায় কৰিব নোৱাৰিলে৷ এইক্ষেত্রত অসম চৰকাৰ ব্যর্থ হৈছে৷

কেন্দ্রীয় চৰকাৰক সময়োচিত পদক্ষেপ গ্রহণ কৰোৱাতো ৰাজ্য চৰকাৰ ব্যর্থ হৈছে৷ সেই ঘটনাৰ পাছত অসমৰ ৩.৫ কিলোমিটাৰ অঞ্চল এটা বিবদমান অঞ্চললৈ পৰিগণিত হ’ল৷ মিজোৰামে বাংলাদেশীৰ আগ্রাসনৰ বাবে সেই ঘটনা হোৱা বুলি ধাৰণা দিব বিচাৰিছে৷ ইয়াৰো যোগ্য প্রত্যুত্তৰ দিয়াত অসম চৰকাৰ ব্যর্থ হৈছে৷ লাইলাপুৰ পুলিচ আউট প’ষ্টৰ পৰা ভাইৰেংটি গেট অঞ্চলত কাছাৰত ডিমাচা বুলি কোৱা বর্মন সম্প্রদায়ৰ লোক, অসমীয়া মিজো, বাঙালী হিন্দু, বৰাকৰ খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ লোকেহে বাস কৰে৷ সেই অঞ্চলত কোনো বাংলাদেশী নাই৷ কিন্তু এই কথা পতিয়ন নিওৱাত অসম চৰকাৰ ব্যর্থ হৈছে৷ সংবাদ মেলত বিধায়ক গগৈয়ে সীমা সমস্যা সমাধানৰ বাবে আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰা, সীমান্ত অঞ্চল পৰিচালনাৰ বাবে ৰোডমেপ তৈয়াৰ কৰা আৰু অসমৰ প্রশাসনক সেই নীতি আৰু ৰোডমেপ অনুসৰি আগবঢ়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷

তদুপৰি সীমান্ত অঞ্চলৰ জনগণৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ লগতে পৰিকল্পিত বাসভূমিৰ সৃষ্টি কৰা, উন্নয়ন ব্যাপক কৰা, বিদ্যালয় চৰকাৰীকৰণ, চৰকাৰী চিকিৎসালয় নির্মাণ, পথ নির্মাণ, বিজুলী যোগানৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ অহা ৪ আগষ্টৰ পৰা হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত সদনত এই দাবী উত্থাপন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like