অনা-অসমীয়াৰ নেতৃত্বত পুনৰ ৰাজ্যখনত বৃহৎ প্ৰৱঞ্চনাৰ জাল মেলি দুষ্ট চক্ৰই চলাইছে ব্যাপক লুন্ঠন। চাকৰিৰ প্ৰলোভন দি অসমৰ পৰা লুটিছে কোটি কোটি টকা। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, বৰপেটাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰীৰ সহযোগত অসমৰ পৰা কোটি কোটি টকা লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাপ্ত তথ্য মতে, দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ল’ৰা-ছোৱালীৰ শিক্ষা তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে পিছপৰা অঞ্চলত শিক্ষয়িত্ৰী নিযুক্তিৰে শিক্ষাদান কৰিব বুলি এক প্ৰৱঞ্চনাৰ জাল পাতিছিল দুষ্ট চক্ৰই। উত্তৰ প্ৰদেশৰ পৰা অহা অনা-অসমীয়াৰ নেতৃত্বত চলিছে এই ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল। “বাল বিকাশ সমিতি” নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে শিক্ষকতাৰ চাকৰি দিয়াৰ নামত এই চক্ৰটোৱে দৰিদ্ৰ যুৱতী-মহিলাৰ পৰা ১০ হাজাৰ টকাৰ পৰা ৩০ হাজাৰ টকালৈকে উৎকোচ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ নামত ভুৱা নিযুক্তি পত্ৰও প্ৰদান কৰিছে দুষ্ট চক্ৰটোৱে।
জানিব পৰা মতে, যোৱা মে’-জুন মাহত প্ৰদান কৰিছে এই নিযুক্তি পত্ৰ। প্ৰথম পৰ্যায়ত ১৮ মাহৰ বাবে দিয়া হৈছিল এই নিযুক্তি। পিছত প্ৰতি ১৮ মাহৰ মূৰে মূৰে চাকৰি পুনৰ পঞ্জীয়ন হৈ থকাৰ দিয়া হয় আশ্বাস। এই শিক্ষকতাৰ চাকৰিত প্ৰতিমাহে ৬ হাজাৰ টকাৰ পৰা পৰ্যায়ক্ৰমে পোন্ধৰ হাজাৰ টকালৈ মাননি দিয়াৰ বাবে এই প্ৰৱঞ্চকৰ দলে চুক্তি কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। গাঁও অঞ্চলৰ অশিক্ষিত মহিলা-গাভৰু-কিশোৰীক শিক্ষাদান দিয়াৰ দায়িত্ব আছিল এই শিক্ষয়িত্ৰীসকলৰ। এইদৰে বৰপেটা জিলাৰ লগতে বজালী, বঙাইগাঁও, বিজনী, ধুবুৰী, গোৱালপাৰাত ব্যাপক হাৰত গাঁৱে গাঁৱে ভুৱা শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে। এইদৰে হাজাৰ হাজাৰ লোকৰ পৰা ১৫০০০ টকাৰ পৰা ৩০ হাজাৰ টকালৈ উৎকোচ সংগ্ৰহ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰে।
বহু আশাৰে শিক্ষকৰ চাকৰি লৈ আগ্ৰহেৰে কৰ্তব্যত নামি পৰে যদিও এমাহ, দুমাহ যোৱাৰ পিছতহে বিপদত পৰে এই শিক্ষয়িত্ৰীসকল। নিযুক্তি পোৱা শিক্ষয়িত্ৰীসকলে এমাহৰো মাননি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে প্ৰৱঞ্চকৰ দলটোৱে প্ৰথম নিযুক্তি দিয়া দুই-এগৰাকী শিক্ষয়িত্ৰীক দৰমহা আদায় দিছিল। সেইবোৰ দেখি হাজাৰ হাজাৰ লোক পতিয়ন গৈ এই দুষ্ট চক্ৰৰ জালত ভৰি দিয়ে।
অভিযোগ মতে, উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ ইমাদ উল্লা আৰক্ষী থানাৰ অন্তৰ্গত ইমাদপুৰ গাঁৱৰ জিতেন্দ্ৰ সিঙে বৰপেটা আজাদ নগৰস্থিত ইক্ৰা ইংলিছ স্কুলৰ স্বত্বাধিকাৰী ৰূপচান্দ আলীৰ সহযোগত বৰপেটা জিলাত এই প্ৰৱঞ্চনাৰ জাল মেলি দিয়ে। বৰপেটাৰ ভৱানীপুৰত বাহৰ পাতি লৈ এইদৰে পৰিকল্পিতভাৱে প্ৰৱঞ্চনাৰ জাল পেলায় জিতেন্দ্ৰ সিঙে। ৰূপচান্দ আলীৰ জালত ভৰি দি ছাটাৰ বুবুল হুছেইন আৰু বেছিমাৰীৰ বাহাৰুল ইছলামে মানুহক টুপী পিন্ধোৱাৰ বাবে গাঁৱে গাঁৱে নামি পৰে। এই প্ৰৱঞ্চকৰ দলটোৰ কথা মতেই সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোগদিয়া গাঁৱৰ মোচলেম খানে অঞ্চলটোৰ ১০ গৰাকী লোকৰ পৰা ১২ হাজাৰকৈ ধন সংগ্ৰহ কৰি ৰূপচান্দ আলীৰ হাতত অৰ্পণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
এইদৰে প্ৰতাৰণাৰ বলি হোৱাৰ পিছত প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰমাৰা গাঁৱৰ নাজিমুদ্দিন তালুকদাৰে সৰ্থেবাৰী থানাত দাখিল কৰিছে এজাহাৰ। ইপিনে, মোচলেম খানেও তিনিগৰাকী প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ দাখিল কৰে। এই গোচৰটো গুৰুত্ব সহকাৰে লৈ সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত অভিযান চলাই তিনিজনকৈ প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয় সৰ্থেবাৰী আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক তিনিটা ক্ৰমে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ জিতেন্দ্ৰ সিং (৩৪), বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বেচিমাৰী পাম গাঁৱৰ বাহাৰুল ইছলাম (৪৬) আৰু বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ছাটাগাঁৱৰ বুবুল হাচান (৪৯) বুলি জানিব পৰা গৈছে। ধৃত প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত ১৫৩/২৫ নম্বৰত আৰু বিএনএছ আইনৰ ৩১৮(২)/৩১৮(৪)/৩১৬(৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। ধৃত প্ৰৱঞ্চকৰ দলটোক ইতিমধ্যেই বৰপেটা আদালতত হাজিৰ কৰায় সৰ্থেবাৰী আৰক্ষীয়ে।
ইপিনে, এই ঘটনাৰ লগত জড়িত মূল প্ৰৱঞ্চক ৰূপচান্দ আলী এতিয়াও অবাধে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে বুলি জানিব পৰা গৈছে। কোটি কোটি টকা সংগ্ৰহ কৰা মূল মাষ্টাৰমাইণ্ড ৰূপচান্দ আলীয়ে জিলাখনৰ পূব অঞ্চলতে তিনি হাজাৰ শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। নামনি অসমৰ এই জিলাসমূহত প্ৰায় ২০ হাজাৰগৰাকীক শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এইদৰে অকল পূব বৰপেটা অঞ্চলৰ পৰাই অতি কমেও ৩ কোটিৰ পৰা ছয় কোটি টকা সংগ্ৰহ কৰাৰ লগতে নামনি অসমৰ এই জিলাকেইখনৰ পৰা প্ৰায় ২৪ কোটিৰ পৰা ৪০ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে সঠিক দিশত তদন্ত কৰিলে ৰৌ-বৰালিও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি একাংশ লোকে মন্তব্য কৰিছে।