জোনাইত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ গা ধুবলৈ গৈ নাতিনীৰ সৈতে আইতাৰ সলিল সমাধি ঘটাত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ৷
জানিব পৰা মতে, জোনাইৰ ২নং তৰাজানস্থিত গৰগৰ নলাত ৰঞ্জু দেৱী সিংগ নামৰ মহিলাগৰাকীয়ে মেগা নামৰ প্ৰায় ৩ বছৰীয় এটি কন্যা শিশুক লৈ গা ধুই থকাৰ সময়তে নাতিনীগৰাকী সোমাই পৰে গভীৰ পানীত৷
নাতিনীক বচাবলৈ যাওঁতে আইতা অৰ্থাৎ ৰঞ্জু দেৱী সিংগ নামৰ মহিলাগৰাকীও গভীৰ পানীত ডুব গৈ সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ পিছত স্থানীয় ৰাইজে মহিলাগৰাকীক পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে৷ তদুপৰি কিছু সময়ৰ পিছতে SDRF বাহিনীয়ে নাতিনী মেগা সিংগক মৃত অৱস্থাত পানীৰ পৰা উদ্ধাৰ কৰে৷
আইতা আৰু নাতিনীৰ এনে কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷
নিয়মীয়া বাৰ্তা, জোনাই, ২৬ অক্টোবৰ