নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাকে ট্রাকে সামগ্রী লৈ ৰেংমা বনাঞ্চল এৰিছে শ শ বেদখলকাৰী

🔹 উৰিয়ামঘাটত বাহনৰ দীঘলীয়া শাৰী

বিশেষ বাৰ্তা, ২৪ জুলাই : উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত দীর্ঘদিন ধৰি অবৈধভাৱে বসতি স্থাপন কৰি থকা শ শ পৰিয়ালে বন বিভাগ আৰু জিলা প্রশাসনৰ উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে ত্যাগ কৰিবলৈ বাধ্য হৈছে উৰিয়ামঘাট অঞ্চল৷ সোমবাৰৰ নিশাৰ পৰাই বনাঞ্চলৰ অঞ্চলসমূহত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷

বহু পৰিয়ালে গাড়ী, পিকআপ ভান, ট্ৰাক আৰু অটোৰ সহায়ত নিজৰ ঘৰুৱা প্রয়োজনীয় সামগ্রী লৈ উৰিয়ামঘাটৰ বনাঞ্চল এৰি আন ঠাইলৈ আঁতৰি গৈছে৷ বহু লোকে আজিও নিজৰ ঘৰ ভাঙি টিনপাত খুলি গৰু–ছাগলী, নিজৰ প্রয়োজনীয় সকলো সামগ্রী লৈ যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ পুনৰ ঘূৰি গৈছে৷ বিশেষকৈ নগাঁও, ধিং, ৰূপহী, জুৰীয়া আদি অঞ্চললৈ বহু পৰিয়ালে নিশাই গমন কৰিছে৷ কালিও পিঠাৰ ঘাট অঞ্চলৰ পৰা প্রায় ৮০ ঘৰ মানুহ উচ্ছেদৰ পূর্বে গুচি গৈছে বুলি স্থানীয় লোকে সাংবাদিকৰ আগত প্রকাশ কৰিছে৷

উৰিয়ামঘাটৰ মূল পথত ৰাতিৰ পৰা দেখা যায় যান–বাহনৰ দীঘলীয়া শাৰী৷ উৰিয়ামঘাট আৰক্ষীয়ে দিনে–ৰাতিয়ে সকলো বাহন পৰীক্ষা কৰি সোধা-পোছা অব্যাহত ৰাখিছে৷ উচ্ছেদৰ ভয়ত পলায়ন কৰা একাংশ বেদখলকাৰীয়ে অসম-নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ চুঙাজানৰ নাগালেণ্ড সীমান্ত অঞ্চলত থকা বিভিন্ন ইটাভাতাত থিতাপি লোৱাৰ খবৰ পোৱা গৈছে৷ নাওজান থানাৰ অন্তর্গত কৈৰী গাঁও, তামোলবাৰী আদি অঞ্চলত থকাৰ খবৰ লাভ কৰা গৈছে৷ নাওজানৰ কৈৰী গাঁৱত বহুসংখ্যক সন্দেহযুক্ত নাগৰিকে আশ্রয় লোৱাৰ খবৰ লাভ কৰাত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই কথা সামাজিক মাধ্যমত উল্লেখ কৰাত নিশাই উক্ত অঞ্চলত সৰুপথাৰ আৰু নাওজান আৰক্ষীয়ে সন্দেহযুক্ত নাগৰিকক বিচাৰি অভিযান চলায়৷ আৰক্ষীৰ এই অভিযানত কৈৰী গাঁৱত বেদখলকাৰীৰ ঘৰৰ সামগ্রী লুকুৱাই ৰখাৰ তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ অভিযানৰ পিছতে ১০জন ড্রাইভাৰে ১৫ গাড়ী বেদখলকাৰীৰ সামগ্রী নাওজান কৈৰী গাঁৱৰ বহুকেইজন লোকৰ ঘৰত লুকুৱাই ৰখাৰ কথা জানিব পাৰি উক্ত ড্রাইভাৰ আৰু সামগ্রী লুকুৱাই ৰখা ব্যক্তিকেইজনক সোধা–পোছাৰ বাবে আটক কৰিছে৷ আনহাতে, লুকুৱাই ৰখা সামগ্রীৰ লগতে সামগ্রী কঢ়িওৱা গাড়ীকেইখনো জব্দ কৰিছে আৰক্ষীয়ে৷

You might also like