জাপানৰ তিনিটা কোম্পানীয়ে অসমীয়া তৰুণক শিকাব জাপানিজ
🔹 ২৫,০০০ অসমীয়া যুৱক–যুৱতীক নিয়োগ কৰিবলৈ আগ্রহী জাপান
বিশেষ বার্তা, ২৪ জুলাই : ৰাজ্যৰ শিক্ষিত যুৱক–যুৱতীৰ বাবে এক সুখবৰ৷ তিনি হাজাৰ যুৱক–যুৱতীক জাপানী ভাষা শিকিবলৈ প্রেৰণ কৰা হ’ব জাপানলৈ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ডিব্রুগড় সচিবালয়ত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ কথা সদৰী কৰি এই ঘোষণা কৰে৷
মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি, ৰাজ্যৰ তিনি হাজাৰ যুৱক–যুৱতীয়ে ‘চিএম ফ্লাইট’ (ফ’ৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল’বেল হিউমেন টেলেণ্ট) প্রকল্পৰ অধীনত জাপানী ভাষাৰ প্রশিক্ষণ লাভ কৰিব আৰু তেওঁলোকক জাপানত চাকৰিৰ নিশ্চয়তা দিয়া হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম–২.০ সন্মিলনত তিনিটা জাপানী কোম্পানী ক্রমে এছিয়ান ৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চার্ছ লিমিটেড আৰু মেইক’ কেৰিয়াৰ পার্টনার্ছ লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পিছত এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ এডভাণ্টেজ আছামত তিনিটা জাপানী কোম্পানীয়ে অসমলৈ আহি আমাৰ যুৱক–যুৱতীসকলক প্রশিক্ষণ দিয়াত আগ্রহ প্রকাশ কৰিছিল৷ প্রতিগৰাকী শিক্ষার্থীৰ জাপানী ভাষাৰ ক’ৰ্ছৰ মুঠ ব্যয় হ’ব প্রায় ৩–৪ লাখ টকা৷ কালি কেবিনেটত চিএম ফ্লাইট প্রকল্পত অনুমোদন জনোৱা হয়৷ সেইমর্মে চলিত বিত্তীয় বর্ষত ১৮০গৰাকী প্রার্থীক প্রশিক্ষণ দিয়া হ’ব৷
মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে জাপানী ভাষাৰ প্রশিক্ষণ লোৱাৰ সময়ত যি ব্যয় হ’ব, তাৰ বাবে প্রতিগৰাকী প্রশিক্ষার্থীক ১.৫ লাখ টকাৰ জলপানি প্রদান কৰিব ৰাজ্য চৰকাৰে আৰু বাকী খৰচ স্ব–অধ্যয়ন বা বেংকৰ লোনৰ জৰিয়তে পূৰণ কৰিব পৰা যাব৷ জাপানী ভাষা আয়ত্ত কৰি ল’ব পাৰিলে সফল প্রার্থীসকলে জাপানত প্রতিমাহে ২ লাখ টকাৰ পৰা আঢ়ৈ লাখ টকা দৰমহা লাভ কৰিব৷ যিসকলে ভাৰতত থাকি কাম কৰিব বিচাৰে, তেওঁলোকে দেশত থকা জাপানী কোম্পানীবোৰত কাম কৰাৰ সুযোগ পাব৷ প্রাৰম্ভিক প্রশিক্ষণ মুখ্যতঃ তিনিটা ক’ৰ্ছৰ ওপৰত হ’ব৷ এই পাঠ্যক্রমকেইটা হ’ব– ড্রাইভিং, আইটি আৰু নার্ছিং৷ অহা অক্টোবৰ মাহৰ পৰা এই প্রশিক্ষণ আৰম্ভ হ’ব৷
মুখ্যমন্ত্রী ড০ শর্মাই কয়– এই ভাষা শিকাৰ বাবে যদি যুৱক–যুৱতীৰ চাহিদা বৃদ্ধি পায়, ৰাজ্য চৰকাৰে অন্য খণ্ডলৈও ইয়াক সম্প্রসাৰণ কৰিব৷ দীর্ঘম্যাদী ভিত্তিত জাপানে প্রায় ২৫,০০০ অসমীয়া যুৱক–যুৱতীক নিয়োগ কৰিবলৈ আগ্রহী হৈছে৷ এই প্রকল্পৰ লক্ষ্য হৈছে– অসমৰ যুৱক–যুৱতীৰ বাবে গোলকীয় চাকৰিৰ সুযোগ বৃদ্ধি কৰাৰ লগতে জাপানৰ কার্যবাহী শক্তিৰ চাহিদা প্রদান কৰা৷