নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাধুনিক পৰীক্ষণ ব্যৱস্থা অবিহনে বাংলাদেশলৈ নিতৌ আহ-যাহ শতাধিক ট্ৰাকৰ

বাংলাদেশৰ সাম্প্ৰতিক অশান্তজৰ্জৰ পৰিৱেশৰ সুযোগ লৈ দেশখনত সক্ৰিয় জেহাদী গোষ্ঠীবোৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকাৰ সৃষ্টি হৈছে।  সেই সময়ত কিন্তু পৰীক্ষণৰ কোনোধৰণৰ আধুনিক ব্যৱস্থাপনা অবিহনেই ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে  বাংলাদেশলৈ নিতৌ শতাধিক ট্ৰাক অহা-যোৱা কৰি থকাটো তাৎপর্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে। কেৱল সেয়াই নহয়; অভিযোগ আছে- ‘‘লেণ্ড পোৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়া এক্ট, ২০১০ (Land Ports Authority of India Act, 2010) সম্পূর্ণ ৰূপে উলংঘা কৰি সোণাহাট স্থল বন্দৰ চলি থকাৰো।

উল্লেখ্য যে উক্ত আইন অনুসৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চলা দেশৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰলৈ অহা-যোৱা কৰা মালবাহী বাহন পৰীক্ষা কৰাৰ বাবে স্কেনাৰ অথৱা এক্সৰে মেচিন থকাটো বাধ্যতামূলক। কিন্তু ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে নিতৌ বাংলাদেশলৈ অহা-যোৱা কৰি থকা শতাধিক ট্ৰাকৰ  পৰীক্ষণৰ বাবে নাই কোনোধৰণৰ স্কেনাৰ, এক্সৰে মেচিন অথবা আন কোনো আধুনিক ব্যৱস্থাপনা।

উল্লেখনীয় যে ২০০১ চনত ভাৰতৰ পৰা কয়লা আৰু বোল্ডাৰ আমদানি কৰিবলৈ বাংলাদেশৰ সৈতে হোৱা এক চুক্তি অনুসৰি ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোলকগঞ্জ ছেক্টৰত সীমান্তত নিৰ্মাণ কৰা হৈছিল এই বিশেষ বাণিজ্যিক কেন্দ্ৰটো৷ চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় ১৩ বছৰ পিছত ২০১৪ চনৰ ২৮ এপ্ৰিলৰ দিনা সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল৷ অৱশ্যে, জন্মলগ্নৰ পৰাই বিভিন্ন ছিণ্ডিকেট চক্ৰৰ সোণৰ কণী পৰা হাঁহ বুলিহে সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰি আহিছে এই স্থল বন্দৰটোৱে।

উল্লেখ্য যে সোণাহাট বাণিজ্যিক কেন্দ্ৰটোত আছে শুল্ক বিভাগৰ বিশেষ কাৰ্যালয়। সেই কাৰ্যালয়টোৰ  বিশেষ অনুমতি লৈ শিল–বোল্ডাৰ-কয়লাবাহী ট্ৰাকবোৰে সীমান্ত পাৰ হৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলাত প্ৰৱেশ কৰে আৰু আনুমানিক ২০০/২৫০ মিটাৰ দূৰত্বত থকা  দেশখনৰ ভূৰুংগামাৰীৰ সোণাহাট স্থল বন্দৰত “আনলোড” কৰাৰ পিছত পুনৰ উভতি আহে ভাৰতলৈ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে সোণাহাট আৰু বাংলাদেশৰ ভূৰুংগামাৰীলৈ যাতায়াত কৰা সেই ট্ৰাকবোৰ পৰীক্ষা কৰা হয় “মেনুৱেল” পদ্ধতিৰে৷ ফলত স্বাভাৱিকভাৱেই সোণাহাট সীমান্তত প্ৰহৰাৰত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানে বাংলাদেশৰ ভূৰংগামাৰীলৈ যাত্ৰা কৰা  পাথৰ, কয়লা অথবা বোল্ডাৰবাহী ট্ৰাকসমূহত লোৰ শলাৰে  কৰা ‘ৰেণ্ডম’ পদ্ধতিৰ সেই তালাচী কিমান বিজ্ঞানসন্মত অথবা ‘ফুল প্ৰুফ’, সেয়াও কিন্তু সন্দেহৰ ঊৰ্ধ্বত নহয়।

ইপিনে, বাংলাদেশৰ ভূৰুংগামাৰীৰ সোণাহাট স্থল বন্দৰৰ পৰা ভাৰত তথা সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰলৈ উভতি অহা ট্ৰাকবোৰ পৰীক্ষণৰ কোনোধৰণৰ অত্যাধুনিক ব্যৱস্থা নাই। ফলত স্বাভাৱিকভাৱেই, বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিত অত্যাধুনিক সা-সঁজুলি নোহোৱাকৈ এইদৰে সোণাহাটেৰে বাংলাদেশলৈ নিতৌ শতাধিক ট্ৰাক যাতায়াত কৰি থকা বিষয়টো চিন্তাজনক বুলিয়েই বিবেচিত হৈছে। সমান্তৰালকৈ বাংলাদেশৰ ভাৰতবিৰোধী মৌলবাদী শক্তিবোৰে সোণাহাটৰ সোপাঢিলা নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লোৱাৰ সম্ভাৱনাক লৈও কিন্তু আশংকা প্ৰকাশ কৰিছে বহুতে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ জানুৱাৰী :

You might also like