নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ত মই কাৰো দয়া–কৰুণাত শিৱসাগৰত প্রার্থী নহওঁ

🔹 কংগ্রেছৰে সংঘাতক লৈ অখিল গগৈ

বিশেষ বাৰ্তা, ১৩ জুলাই : মিত্রতাৰ প্রসংগত কংগ্রেছৰে সংঘাত ক্রমাৎ তীব্রতৰ হৈ পৰিছে ৰাইজৰ দলৰ৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই বহুচর্চিত মিত্রতাক কার্যতঃ নস্যাৎ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্রতিনিধিত্ব কৰা শিৱসাগৰ বিধানসভা সমষ্টিত কংগ্রেছে প্রার্থী প্রক্ষেপ কৰিব বুলি স্পষ্টভাৱে ঘোষণা কৰিছিল৷ বিৰোধী দলপতি শইকীয়াৰ এই ঘোষণাক  লৈ কালি তীব্র প্রতিক্রিয়া ব্যক্ত কৰে ৰাইজৰ দলৰ সভাপতি গগৈয়ে৷

কংগ্রেছক একপ্রকাৰ কটাক্ষ কৰি তেওঁ কয় যে শিৱসাগৰত মই জয়ী হ’বলৈ মিত্রতাৰ কোনো প্রয়োজন নাই৷ ২০২১ চনত মই কাৰাগাৰত থাকোঁতে বিজেপিয়েও মোৰ বিৰুদ্ধে প্রার্থী দিছিল আৰু কংগ্রেছেও দিছিল৷ কিন্তু কাৰাগাৰত থকা অৱস্থাতে বিজেপিক মই ১৫ হাজাৰ ভোটত হৰুৱাইছিলোঁ৷ অর্থাৎ ৰাইজে হৰুৱাইছে৷ কংগ্রেছে ১৯ নে ২৯ হাজাৰহে ভোট পাইছিল৷ মোৰ পৰম বিশ্বাস আছে– শিৱসাগৰত জয়ী হ’বলৈ বিজেপি–কংগ্রেছক ভয় কৰাৰ প্রয়োজন নাই৷ মই কংগ্রেছৰ সহায় লোৱাৰো প্রয়োজন নাই৷ ইমানেই নহয়, সদায় বিধায়ক হৈ থাকিব লাগিব বুলি নভবাৰ কথাও উল্লেখ কৰি তেওঁ পুনৰ কয় যে মই পৰাজয় হওঁ বা নির্বাচন নেখেলোঁ, সেইটোক লৈ কোনো তফাৎ নাথাকে৷ মই অখিল গগৈ, অখিল গগৈ হৈয়েই থাকিম৷ মই বিধায়ক হৈছোঁ দীর্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে ৰাইজে মোক ভোট দিয়াৰ কাৰণেহে৷ মই কাৰো দয়া বা কৰুণাত বিধায়ক জিকা নাই৷ ২০২৬তো কাৰো দয়া বা কৰুণাত শিৱসাগৰত প্রার্থী নহওঁ৷ কাৰণ হাৰিলেও মোৰ কোনো সমস্যা নাই৷ সেইটোক  লৈ মই ভাবি নাথাকোঁ৷ হাৰিলেও এটা কথাই জানো– অসমৰ আটাইতকৈ ডাঙৰ বিৰোধী ময়েই হ’ব লাগিব৷ যদি জয়ী নহওঁ, বাহিৰত হ’ব আৰু যদি জয়ী হওঁ বিধানসভাত হ’ব৷

ৰাইজৰ দলৰ সভাপতিজনৰ মতে, বিজেপিক ২০২৬ চনৰ নির্বাচনত পৰাজিত কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ কৌশলটো হ’ল সকলো বিৰোধী একলগ হ’ব লাগে৷ তেওঁ এই প্রসংগত কয়– আমি ৰাইজৰ দল বিৰোধী ঐক্যমঞ্চত আছিলোঁ, আছোঁ আৰু সদায় থাকিম৷ কাৰণ আমি বিজেপিক পৰাভূত কৰিব খোজোঁ৷ এইক্ষেত্রত তেওঁ কংগ্রেছক পুনৰ আক্রমণৰ লক্ষ্য কৰি লয়৷ কংগ্রেছৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে যিসময়ত আমি ৰাইজৰ দলে বিৰোধী ঐক্যমঞ্চৰ কথা কৈ আছোঁ, সেই সময়তে কংগ্রেছে সদায় দোধোৰমোধোৰ কথা কৈ আছে৷ দেৱব্রত শইকীয়াই যদি অখিল গগৈক সঁচাকৈ প্রার্থিত্ব এৰি নিদিয়াৰ কথা কৈছে, চৰাইদেউ–শিৱসাগৰ জিলাৰ ৫টা বিধানসভা সমষ্টিতে কংগ্রেছে প্রার্থিত্ব দিব বুলি কৈছে তেন্তে ইয়াৰ জৰিয়তে তেওঁ বিৰোধী ঐক্যমঞ্চ ভঙাৰহে কাম কৰিছে৷ শিৱসাগৰ বিধানসভা সমষ্টি কংগ্রেছে ৰাইজৰ দলক এৰি দিবলৈ সাজু নহয় নেকি? সেই কথা কংগ্রেছে স্পষ্ট কৰি দিব লাগে৷ লগতে দেৱব্রত শইকীয়াৰ ভাষ্য তেওঁলোকৰ আনুষ্ঠানিক নেকি? সেইটোও স্পষ্ট কৰি দিয়ক৷

লক্ষণীয়ভাৱে ৰাইজৰ দলৰ সভাপতি গগৈৰ এনে প্রতিক্রিয়াৰ পাছতে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে অৱস্থান কৰিছে বিৰোধী দলপতি শইকীয়াৰ পক্ষতে৷ কালি সাংবাদিকে বিষয়টো উনুকিয়াই দিয়াত তেওঁ কয় যে শিৱসাগৰত কংগ্রেছক শক্তিশালী কৰাৰ কথা বিৰোধী দলপতি শইকীয়াই স্পষ্টভাৱে কৈছে৷ সেইটো আমাৰো মন্তব্য৷ সকলো নেতাই নিজৰ দলটো শক্তিশালী হোৱাটো বিচাৰে৷ বিৰোধী দলপতি শইকীয়ায়ো বিচাৰে শিৱসাগৰত কংগ্রেছ মজবুত হওক৷ সেইদৰে অখিল গগৈয়েও ৰাইজৰ দল শক্তিশালী হোৱাটো বিচাৰে৷ সেয়া স্বাভাৱিক কথা৷ ইয়াক লৈ কিবা বিতর্ক হ’ব লাগে বুলি মই নাভাবোঁ৷ আমিও  কৈছোঁ– অসমত কংগ্রেছ শক্তিশালী হ’ব পাৰিলেহে আমি ভাল মিত্র হ’ব পাৰিম৷ অখিল গগৈয়েও একেখিনি কথাকেই কৈ আছে৷ মই অসমৰ কথা কৈছোঁ, তেওঁ কেৱল শিৱসাগৰৰ কথা কৈছে৷

You might also like