নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩টা পথ নির্মাণত কোটি টকাৰ কেলেংকাৰি

🔹 অজিত ভূঞাৰ সাংসদ পুঁজিৰ দুর্নীতি

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাই : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই কিছুদিন পূর্বে বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা অভিযোগনামাৰ পাতে পাতে বিস্ফোৰিত হৈ পৰিছে লুণ্ঠনৰ আশ্চর্যকৰ কাহিনী৷ উল্লেখ্য যে সাংসদ অজিত কুমাৰ ভূঞাসহ মুঠ ১০জন লোকক অভিযুক্ত কৰি চিএম ভিজিলেঞ্চে অভিযোগনামাখন দাখিল কৰিছিল৷ শেহতীয়াকৈ অভিযোগনামাখনত উল্লেখ থকা তথ্যপাতিবোৰে সর্বস্তৰৰ ৰাইজক হতভম্ব কৰি তুলিছে৷ সাংসদ পুঁজিৰ অধীনত গুৱাহাটী মহানগৰীৰ মুঠ ১৩টা পথ নির্মাণৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা হৈছিল৷ উক্ত আঁচনিবোৰ ৰূপায়ণৰ বাবে ধার্য কৰা হৈছিল কেইবাকোটি টকা৷

বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, মহানগৰীৰ আবণ্টিত ১৩টা পথৰ ভিতৰত একাংশ পথ ক্রমে সাউকুছিৰ মণিৰাম বড়ো পথ নির্মাণৰ বাবে ধার্য কৰা হৈছিল ১৫ লাখ টকা৷ একেদৰে সাউকুছিৰ ব’হাগী পথ নির্মাণৰ বাবদ ১৫ লাখ, সেউজ নগৰ পথৰ বাবদ ১৮ লাখ টকা, নালাপাৰাৰ নলিনী মিকিৰ পথৰ বাবদ ১৮ লাখ টকা আৰু কটাহবাৰীৰ নবীন বড়ো পথ নির্মাণৰ বাবদ ১৮ লাখ টকা আবণ্টন দিয়া হৈছিল৷ আশ্চর্যজনক কথাটো এয়ে যে কটাহবাৰীৰ নবীন বড়ো পথৰ বাহিৰে মহানগৰীত আবণ্টিত আন ১২টা পথৰ নির্মাণৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ সক্ষম নহ’ল চিএম ভিজিলেঞ্চৰ তদন্তকাৰী বিষয়াই৷ কটাহবাৰীৰ উক্ত পথটো জোৰা–টাপলি মাৰিহে নির্মাণ কৰা হৈছিল৷ অর্থাৎ পথকেইটা নির্মাণ কৰাটো দূৰৰেই কথা, কাগজে–পত্রই সকলো কাম সম্পূর্ণ হোৱা বুলি আভুৱা–ভাঁৰি সৰকাই নিয়া হৈছিল কেইবাকোটি টকা৷

সূত্রটোৱে সদৰী কৰা মতে, নিয়ম মতে চৰকাৰী আঁচনিৰ বাবদ আবণ্টিত পুঁজিসমূহৰ পৰা কাম সম্পূর্ণ হোৱাৰ পিছত ধন ঠিকাদাৰী প্রতিষ্ঠানক বেংক একাউণ্টৰ মাধ্যমেৰে প্রদান কৰিব লাগে যদিও মহানগৰীৰ উক্ত ১৩টা পথ নির্মাণৰ নামত অহা পুঁজিৰ ধন আবণ্টনৰ ক্ষেত্রত চৰকাৰী নীতি প্রয়োগ কৰা হোৱা নাছিল৷ নগদ ধনৰ লেনদেনৰ মাধ্যমেৰে সমগ্র প্রক্রিয়াটো চলাই নিয়া হৈছিল৷ সমগ্র এই কেলেংকাৰিটোৰ বাবদ তদানীন্তন কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত সুকন্যা বৰা আৰু মুনীন্দ্র বৰদলৈয়ে সমস্ত ধন মোকলাই দিছিল৷ কাৰ একাউণ্টত কিদৰে ধন সোমাইছিল, সেই বিষয়েও অভিযোগনামাখনত উল্লেখ কৰা হৈছে৷ সূত্রটোৰ মতে, সমস্ত এই প্রক্রিয়াটোত মুখ্য ভূমিকা গ্রহণ কৰিছিল তদানীন্তন জিলা উন্নয়ন আয়ুক্ত সুকন্যা বৰাই৷ নীতিবহির্ভূতভাৱে সাংসদ পুঁজিৰ ধন নগদ ধনৰ ৰূপত মোকলাই আনি ভাগ–বাটোৱাৰা কৰিছিল বিষয়াজনে৷ ইতিমধ্যে সুকন্যা বৰাক চিএম ভিজিলেঞ্চে গ্রেপ্তাৰ কৰিছে৷

অভিযোগনামাখনত উল্লেখ থকা আনকেইগৰাকী অভিযুক্ত ক্রমে বর্খাস্ত হোৱা এচিএছ বিষয়া শর্মিষ্ঠা বৰাৰ লগতে নিলম্বিত এচিএছ বিষয়া মুনীন্দ্র বৰদলৈ, সহকাৰী আয়ুক্ত হেমন্ত দত্ত, সহকাৰী অভিযন্তা দিগন্ত কলিতা, নির্মাণ সমিতিৰ সম্পাদক শংকৰ কলিতা, পার্থপ্রতিম কলিতা, ভাস্কৰ দাস, কামিনী দাস, অতুল চন্দ্র ডেকাৰ বিৰুদ্ধেও ইতিমধ্যে আইনী প্রক্রিয়া গ্রহণ কৰা হৈছে৷ এয়া অকল কামৰূপ মহানগৰ জিলাৰহে লুণ্ঠনৰ কাহিনী৷ সাংসদ পুঁজিৰ ধনেৰে ৰাজ্যৰ আন প্রান্ততো লুণ্ঠন চলোৱা হৈছিল৷ সমস্ত প্রক্রিয়াটোত দুর্নীতিগ্রস্ত বিষয়াসকলে চৰকাৰী নীতি–নিয়মক অংগুষ্ঠ প্রদর্শন কৰি নীতিবহির্ভূতভাৱে নগদ ধনৰ সহায়ত বৃহৎ কেলেংকাৰিটো ৰূপায়ণ কৰিছিল৷

You might also like