নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭.৫%লৈ বৃদ্ধি পাব ভাৰতৰ অর্থনীতি

🔹 দক্ষিণ এছীয় দেশৰ অর্থনীতিক লৈ পূর্বাভাস বিশ্ব বেংকৰ

বিশেষ বাৰ্তা, ৪ এপ্রিল : ২০২৪ত ভাৰতৰ অর্থনীতি ৭.৫ শতাংশ বৃদ্ধি পাব৷ দেশৰ অর্থনীতিৰ বাবে এই ইতিবাচক খবৰ প্রকাশ কৰিছে বিশ্ব বেংকে৷ দক্ষিণ এছীয় দেশৰ অর্থনীতিক লৈ পূর্বাভাস দিয়া বিশ্ব বেংকৰ প্রতিবেদনত ২০২৪ত ভাৰতৰ অর্থনীতি ৭.৫ শতাংশলৈ বৃদ্ধি পাব বুলি পূর্বাভাস দিয়া হৈছে৷ ইয়াৰ পূর্বে বিশ্ব বেংকে ভাৰতৰ ২০২৪ৰ অর্থনীতি ৬.৩ শতাংশ বৃদ্ধি হ’ব বুলি পূর্বাভাস দিছিল৷ সেৱা আৰু উদ্যোগ খণ্ডত ভাৰতৰ শক্তিশালী স্থিতিয়ে ২০২৩–২৪ চনত ভাৰতৰ অর্থনৈতিক বিকাশ ১.২ শতাংশ বৃদ্ধিৰে বর্ষটোত ৭.৫ শতাংশ হ’ব বুলি প্রতিবেদনত উল্লেখ কৰিছে বিশ্ব বেংকে৷ অক্টোবৰ–ডিচেম্বৰ ত্রৈমাসিকত ভাৰতৰ জিডিপি ৮.৪ শতাংশলৈ বৃদ্ধি পোৱাৰ পিছতে দেশৰ অর্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰে৷ ২০২৪ত ভাৰতৰ অর্থনীতি ৭.৫ শতাংশলৈ বৃদ্ধি পালেও ২০২৫ চনত ই হ্রাস পাব বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ ২০২৫ চনত ভাৰতৰ অর্থনীতি ৬.৬ শতাংশতে সীমাবদ্ধ থাকিব৷ ২ এপ্রিলত বিশ্ব বেংকে প্রকাশ কৰা প্রতিবেদনখনত ভাৰতৰ লগতে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু শ্রীলংকাৰ অর্থনীতিও সুস্থিৰ হৈ ভাললৈ উভতি আহিব বুলি প্রকাশ পাইছে৷ ভাৰতৰ শক্তিশালী অর্থনৈতিক স্থিতিৰ বাবেই দক্ষিণ এছীয় অঞ্চল বিশ্বৰ দ্রুততম বিকশিত অঞ্চল হিচাপে আগবাঢ়ি থাকিব৷ ২০২৫ বর্ষত দক্ষিণ এছীয় অঞ্চলৰ অর্থনৈতিক বিকাশৰ হাৰ ৬.১ শতাংশ হ’ব বুলি পূর্বাভাস দিয়া হৈছে৷ উল্লেখ্য যে বাংলাদেশৰ ২০২৪–২৫ চনৰ অর্থনীতি ৫.৭ শতাংশ, পাকিস্তানৰ অর্থনীতি ২.৩ শতাংশ আৰু শ্রীলংকাৰ জিডিপি ২.৫ শতাংশ বৃদ্ধি পাব৷

You might also like