আমেৰিকাৰ ৰাষ্ট্রপতি ভৱনৰ সমীপত ধাৰাসাৰ গুলীচালনা বন্দুকধাৰীৰ
ডিজিটেল ডেস্ক, ২৪ মে’ : আমেৰিকাৰ ৰাষ্ট্রপতি ভৱনৰ সমীপত ধাৰাসাৰ গুলীচালনা বন্দুকধাৰীৰ। ঘটনাত এজন পথচাৰী আহত হয়। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৱাশ্বিংটনত চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে আমেৰিকান ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকলৰ সৈতে হোৱা গুলীয়াগুলীত আক্ৰমণকাৰীৰ মৃত্যু হয়। ইয়াৰ পিছতেই প্ৰশ্ন উঠিছে— আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰ হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল নেকি?
উল্লেখ্য যে শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত হোৱাইট হাউছৰ একেবাৰে ওচৰত থকা পেনচিলভেনিয়া এভিনিউৰ এটা সুৰক্ষা চেক পইণ্টৰ সন্মুখত এজন যুৱকে হঠাতে ধাৰাসাৰ গুলীচালনা আৰম্ভ কৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকল। তেওঁলোকেও ওলোটাই গুলীচালনা কৰে। দীঘলীয়া সময় ধৰি চলা দুয়োপক্ষৰ গুলীয়াগুলীত বন্দুকধাৰীজন গুৰুতৰভাৱে আহত হয়। তেওঁক উদ্ধাৰ কৰি ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু ঘটে। এই গুলীয়াগুলীত এজন পথচাৰী আহত হয়।
খবৰ অনুসৰি, বন্দুকধাৰীজনে মুঠ ১২ ৰাউণ্ড গুলী চলাইছিল। ঘটনাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী হোৱাইট হাউছৰ ভিতৰতে উপস্থিত আছিল, যদিও তেওঁৰ কোনো ক্ষতি হোৱা নাই। ইতিমধ্যে ছিক্ৰেট ছাৰ্ভিচে অভিযুক্তৰ পৰিচয় প্ৰকাশ কৰিছে। জানিব পৰা মতে, তেওঁৰ নাম নাছিৰ বেষ্ট, বয়স ২১ বছৰ। কিয় তেওঁ এই আক্ৰমণ চলালে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। বৰ্তমান সমগ্ৰ এলেকা আমেৰিকান আৰক্ষী আৰু ছিক্ৰেট ছাৰ্ভিচৰ নিয়ন্ত্ৰণত আছে।