নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান নহয়, এইবাৰ বিহু মঞ্চত মই নাচিমহে : জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ এইবাৰ বিহুত গান নাগাওঁ, নাচিমহে। ৰাইজে এইবাৰ মঞ্চত মোক নচাটোহে বিচাৰে। তথাপি গানটো গাবই লাগিব। এইবাৰো মোলৈ বহু ঠাইৰ পৰা গীত পৰিৱেশনৰ আমন্ত্ৰণ আহিছে। দুই-তিনিজনী নতুন ছোৱালীয়ে এইবাৰ মোৰ লগত গীত গাব। নতুন প্ৰজন্মৰ এইসকল শিল্পীক এইবাৰ মোৰ লগত গীত পৰিৱেশনত গুৰুত্ব প্ৰদান কৰিছো। ৰাজনীতি মই ভাল নাপাওঁ। ইয়াৰ পৰা মই দূৰত থাকো।- এই মন্তব্য জুবিন গাৰ্গৰ। দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত এই ভাষ্য জুবিনৰ। শীঘ্ৰেই মুক্তি লাভ কৰিব দুখনকৈ ছবি “চিকাৰ” আৰু “আইৰা”। এই কথা দিছপুৰ প্ৰেছ ক্লাবত জুবিন গাৰ্গে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে। তেওঁ কয়, “চিকাৰ” অসমীয়া ভাষাত নিৰ্মাণ কৰাৰ বিপৰীতে আইৰা নিৰ্মাণ কৰা হৈছে হিন্দী ভাষাত। ২০ ছেপ্টেম্বৰত মুক্তি দিয়া হব “চিকাৰ”। লগতে ৪ এপ্ৰিলত মুক্তি দিয়া হব”আইৰা” নামৰ ছবিখন। জুবিনে জানিবলৈ দিয়া মতে লণ্ডনত বিভিন্ন মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা হৈছে “চিকাৰ” ছবিখন। লগতে চিকাৰত অভিনয়ৰ অভিজ্ঞতাৰ কথা আলোকপাত কৰে জুবিন গাৰ্গে। দুয়োখন ছবি দৰ্শকক উপভোগৰ বাবে আহ্বান জনায় জুবিন গাৰ্গে। উল্লেখ্য দুয়োখন ছবিৰ প্ৰযোজনা সমীন্দ্ৰ ভট্টাচাৰ্য্যৰ। সমীন্দ্ৰ ভট্টাচাৰ্য্যই দুয়োখন ছবি নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। আনহাতে আগন্তুক দুই বছৰত অন্য তিনিখন ছবি নিৰ্মাণৰ কথা চিন্তা-চৰ্চা প্ৰযোজকজনৰ।

You might also like