নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি মিত্ৰজোঁটলৈ সমৰ্থন সদৌ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চ-মহিলা মঞ্চৰ

নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ২৬ মাৰ্চ : লোকসভা নিৰ্বাচনত ইউ পি পি এল, অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চ আৰু সদৌ বৰ্মন কছাৰী মহিলা ঐক্য মঞ্চই। দৰং-ওদালগুৰিত দিলীপ শইকীয়াক আৰু কোকৰাঝাৰত জয়ন্ত বসুমতাৰীক সমৰ্থন আগবঢ়াইছে সংগঠন দুটাই। আজি ভেৰগাঁৱত এক সংবাদ মেলত এই কথা সদৰী কৰে সংগঠন দুটাৰ নেতৃবৃন্দই। সদৌ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি দিলীপ বৰ্মন আৰু সম্পাদক সঞ্জীৱ বৰ্মনে সংবাদ মেল সম্বোধন কৰি এন ডি এৰ প্ৰাৰ্থী দুগৰাকীৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ জনগোষ্ঠীটোৰ ভোটাৰ ৰাইজলৈ আহ্বান জনায়। কেন্দ্ৰত এখন সুস্থ-সবল চৰকাৰ গঠন, বিকাশ আৰু উন্নয়নৰ বাবে পুনৰবাৰ নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধান মন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰি অসম তথা বিটিআৰত শান্তি-সম্প্ৰীতি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত দিলীপ শইকীয়া আৰু জয়ন্ত বসুমতাৰীক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় নেতা দুগৰাকীয়ে। সংবাদ মেলত সদৌ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ উপ সভাপতি বালক বৰ্মন, সহকাৰী সম্পাদক ধন বৰ্মন, ওদালগুৰি জিলা সমিতিৰ সভাপতি বাঞ্ছা ৰাম বৰ্মন , সম্পাদক খৰ্গেশ্বৰ বৰ্মন, মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী কমলা বৰ্মন, সম্পাদিকা নৰ্মদা বৰ্মন প্ৰমুখ্যে কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like