নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু-অজাপৰ দুই শতাধিকৰ অগপত যোগদান

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত বিভিন্ন দল-সংগঠনৰ দুই শতাধিক বিষয়ববীয়া আৰু সদস্যই দলটোত যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনায় সভাপতি অতুল বৰাই। গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি শ্বাহ নৱাজ হুছেইনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ (অজাপ)ৰ বিষয়ববীয়াই যোগদান কৰে। যোগদান অনুষ্ঠানটোত অগপৰ বিভিন্ন জ্যেষ্ঠ নেতাৰ লগতে দলটোৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

You might also like