নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটনত প্রহসনত পৰিণত হোষ্টেল মেচ ডিউজ উইভাৰ আঁচনি

হোষ্টেল মেচ ডিউজ -ৰ নামত ছাত্র–ছাত্রীক চৰকাৰে প্রতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ হোষ্টেলৰ আৱাসিক চৰকাৰে হোষ্টেল মেছ ডিউজ উইভাৰ আঁচনিৰ নামত প্রতিবছৰে মেছ ডিউজৰ ৫০ শতাংশ ধন দিয়াৰ প্রতিশ্রুতি দিছিল যদিও সেয়া পূৰণ কৰিবলৈ সক্ষম হোৱা নাই৷

শিক্ষার্থীসকৰ সুবিধার্থে আৰম্ভ কৰা এই আঁচনি আৰম্ভণীতে শিক্ষার্থীসকলক বছৰি ৭,০০০ টকাকৈ প্রদান কৰে আৰু পিছলৈ এই আঁচনিৰ ধন ৮,৬২০ টকালৈ বৃদ্ধি কৰা হয়৷ কিন্তু চৰকাৰে আঁচনি লোৱাৰ দুবছৰ শিক্ষার্থীসকলৰ নিয়মীতভাৱে ধন প্রদান কৰে যদিও ২০২৩–২৪ আৰু ২০২৪–২৫ শিক্ষাবর্ষত হোষ্টেলত থকা ছাত্র–ছাত্রীয়ে এই আঁচনিৰ ধন পোৱা নাই৷

কটন বিশ্ববিদ্যালয়ৰ ৭ শতাধিক শিক্ষার্থীয়ে দুবছৰে মেছ ডিউজৰ পৰা বঞ্চিত হৈছে৷ কিন্তু দুবছৰ ধৰি এই আঁচনিৰ ধন শিক্ষার্থীসকলে নোপোৱাৰ কাৰণ আজিও পোহৰলৈ অহা নাই৷ কটন বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষার্থীয়ে জানিবলৈ দিয়া মতে, চৰকাৰে ১০ মাহৰ হোষ্টেল মেছ ডিউজৰ অর্ধ শতাংশ চৰকাৰে প্রদান কৰাৰ লক্ষ্যৰে ২০১৯ বর্ষত ‘হোষ্টেল মেছ ডিউজ উইভাৰ’ৰ আঁচনি ৰূপায়ণ কৰিছিল৷

প্রথম অৱস্থাত এই আঁচনিৰ অধীনত প্রতি মাহে ৭০০ টকাকৈ হোষ্টেলৰ আৱাসী ছাত্র–ছাত্রীক প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল তেতিয়াৰ সর্বানন্দ সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পিছলৈ ২০২১ চনত বিজেপি চৰকাৰখনে আকৌ জয় লাভ কৰাৰ পাছত ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত বর্তমানৰ মুখ্যমন্ত্রীৰ সিদ্ধান্ত অনুসৰি উচ্চ শিক্ষা বিভাগৰ অধীনত অসমৰ উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰত হোষ্টেলৰ ছাত্র–ছাত্রীক ১০ মাহৰ মেছ ডিউজৰ নামত ৮,৬২০ টকাকৈ প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷

২০২৩–২৪ বর্ষলৈকে এই আঁচনিৰ অধীনত বহু সংখ্যক ছাত্র–ছাত্রী এইআঁচনিৰ দ্বাৰা উপকৃত হৈছিল, কিন্তু ৰহস্যজনকভাৱে ২০২৩–২৪ বর্ষত কটন বিশ্ববিদ্যালয়ৰ প্রায় ৭০০গৰাকী হোষ্টেলৰ ছাত্র–ছাত্রী এই মেছ ডিউজৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ ফলত সেই সময়ৰ অর্থাৎ ২০২৩–২৪ বর্ষৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ ছাত্র জিৰণি কোঠা বিভাগৰ সম্পাদক মমৰেজ আলীয়ে উচ্চ বিভাগৰ সঞ্চালকালয়ৰ লগতে অসমৰ মুখ্যমন্ত্রীক স্মাৰক–পত্র প্রদান কৰে৷

পৰৱর্তীসময়ত ২০২৪ বর্ষৰ আগষ্ট মাহৰ পৰা হোষ্টেল মেছ ডিউজৰ প্র–পত্র আৰম্ভ হ’ব বুলি উল্লেখ কৰাৰ লগতে অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ উপাচার্য আৰু অধ্যক্ষসকলক আহ্বান জনাইছিল যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা হোষ্টেলৰ ছাত্র–ছাত্রী বঞ্চিত নহয়৷ কিন্তু আজি পর্যন্ত অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ্ হোষ্টেলৰ আৱাসী ছাত্র–ছাত্রীসকলে হোষ্টেল মেছ ডিউজ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম নহ’ল৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্র মমৰেজ আলীয়ে উক্ত আঁচনি সক্রিয় হৈ আছে নে বন্ধ কৰিছে সেই সম্পর্কে অসমৰ উচ্চ শিক্ষা বিভাগত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত আবেদন কৰাৰ পাছতো নির্দিষ্ট সময়ৰ ভিতৰত তথ্য যোগান ধৰিবলৈ সক্ষম হোৱা নাই বিভাগীয় কর্তৃপক্ষই৷ ২০২৫–২৬ বর্ষৰ হোষ্টেলৰ ছাত্র–ছাত্রীয়েও হোষ্টেল মেছ ডিউজৰ বঞ্চিত হ’ব নেকি এই লৈ ছাত্র–ছাত্রীৰ মাজত ক্রিয়া–প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ হোষ্টেল মেছ ডিউজ সন্দর্ভত অসম চৰকাৰৰ স্থিতি কি হয় সেয়া পৰৱর্তীসময়ত লক্ষ্যণীয় হ’ব৷

Niyomiya Barta Desk, 5 August, 2025

You might also like