নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মার্চৰ ভিতৰত ২২ হাজাৰ শিক্ষকক নিযুক্তি

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ শিক্ষা বিভাগত অহা ৩১ মার্চৰ পূর্বে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক৷ মঙলবাৰে এই ঘোষণা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷ শিক্ষা বিভাগৰ এক কার্যসূচীত অংশ লৈ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ইতিমধ্যে নিযুক্তি প্রক্রিয়া আৰম্ভ হৈছে আৰু প্রার্থীসকলৰ নথিপত্রসমূহ পৰীক্ষা কৰি থকা হৈছে৷ নিযুক্তিৰ সকলো ভেৰিফিকেচন শেষ হোৱাৰ লগে লগে নিযুক্তিৰ প্রক্রিয়াও সম্পূর্ণ হ’ব৷ মন কৰিবলগীয়া যে নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্য চৰকাৰে অহা ৩১ মার্চৰ পূর্বে এক লাখ যুৱক–যুৱতীক চাকৰি দিয়াৰ প্রস্তুতি আৰম্ভ কৰিছে৷ এই প্রস্তুতিৰ অংশস্বৰূপে শিক্ষা বিভাগতো সম্পূর্ণ কৰা হ’ব ২২ হাজাৰ শিক্ষকৰ নিযুক্তি৷ শিক্ষামন্ত্রীগৰাকীয়ে এই শিক্ষকসকলক ৩১ মার্চৰ পূর্বে নিযুক্তি দিব পৰা যাব বুলিও  প্রকাশ কৰে৷

উল্লেখ্য যে দেশজুৰি গ্রহণ কৰা ১০০ দিনীয়া কিতাপ পঢ়া অর্থাৎ পুথি পঠন অভিযান আজি গুৱাহাটীৰ দিছপুৰস্থিত ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মঙলবাৰে পুৱাৰ ভাগত  এই অভিযানৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্রীগৰাকীয়ে ভাষণত কয় যে জ্ঞান আহৰণৰ বাবে পঢ়া, শিকা, কোৱা আৰু শুনা এই চাৰিটা উপাদান অতি প্রয়োজন৷ পঠন অভিযান ছাত্র–ছাত্রীসকলক উদ্দেশ্যি আৰম্ভ কৰা হৈছে যদিও এই কার্যৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি সাধাৰণ ৰাইজেও ইয়াত সহযোগ কৰা আৱশ্যক৷ শিক্ষামন্ত্রীয়ে সাহিত্য সভাকো এই কার্যসূচী গ্রহণ কৰাৰ বাবে আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে যে এই অভিযানৰ জৰিয়তে সমাজত কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তুলিব পৰা যাব৷

এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই অংশ লৈ ভাষণত কয় যে ম’বাইল ফোনৰ প্রভাৱত কিতাপ পঢ়াৰ অভ্যাস ক্রমাগতভাৱে হ্রাস হোৱাটো উদ্বেগৰ বিষয়৷ এই পঠন অভিযানৰ দ্বাৰা অনাগত দিনত কিতাপৰ লগত এক আত্মিক সম্পর্ক গঢ়ি তুলিব পৰা যাব বুলিও শিক্ষা উপদেষ্টাগৰাকীয়ে মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালিকা ৰশ্মি অপাৰঞ্জি কৰাটি, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্রীতম শইকীয়া, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠানৰ সঞ্চালিকা ড০ নিৰদা দেৱী, সর্বশিক্ষা অভিযান মিছনৰ কার্যকৰী সঞ্চালক ধ্রুৱজ্যোতি দাস, প্রাথমিক শিক্ষা সঞ্চালক ড০ বিজয়া চৌধুৰী আদিকে ধৰি শিক্ষা বিভাগৰ কেইবাজনো শীর্ষ বিষয়া৷ ইফালে, সমগ্র দেশত অমিক্রনৰ সংক্রমণ বৃদ্ধিৰ লগতে অসমতো হঠাৎ ক’ৰোনাত আক্রান্ত হোৱাৰ বাবে পুনৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ সম্ভাৱনাক আজি নাকচ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মন্ত্রীগৰাকীৰ মতে ৰাজ্যত ক’ভিডৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ স্বাস্থ্য বিভাগে সুন্দৰভাৱে কাম কৰি আছে৷ গতিকে স্বাস্থ্য বিভাগে দিয়া পৰামর্শ তথা নিয়মসমূহ শিক্ষা বিভাগে অনুকৰণ কৰি যাব৷ আনহাতে ৰাষ্ট্রীয় শিক্ষানীতিৰ সন্দর্ভত ডাঃ পেগুৱে আজি কয় যে নতুন শিক্ষানীতিত মাতৃভাষাক সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ এই লক্ষ্যৰে অহা ২১ ফেব্রুৱাৰীত আন্তঃৰাষ্ট্রীয় মাতৃভাষা দিৱস উদ্যাপন কৰা হ’ব৷
হাইস্কুল শিক্ষকৰ নূন্যতম শিক্ষাগত অর্হতা হ’ব স্নাতকোত্তৰ ডিগ্রী
এতিয়াৰে পৰা হাইস্কুলত নিযুক্তিৰ বাবে শিক্ষকৰ শিক্ষাগত অর্হতা হ’ব স্নাতকোত্তৰ ডিগ্রী আৰু লগতে বি. এড. ডিগ্রী৷ স্নাতক ডিগ্রীধাৰী প্রার্থীয়ে নাপাব হাইস্কুলক শিক্ষকৰ চাকৰি৷ আনকি ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীত পঢ়োৱা শিক্ষকৰো নূন্যতম শৈক্ষিক অর্হতা হ’ব স্নাতকোত্তৰ ডিগ্রী৷ প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে নূ্যনতম শৈক্ষিক অর্হতা হ’ব স্নাতক ডিগ্রী৷ আনহাতে ২০৩০ চনৰ পিছত ডি. এল. এড. ডিগ্রীৰেও নাপাব প্রাথমিক বিদ্যালয়ৰ চাকৰি৷ তেওঁলোকৰ বাবেও এসময়ত বি. এড. ডিগ্রীহে প্রযোজ্য হ’ব৷ কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল গোহালকোণাত কামৰূপ জিলা প্রশাসনৰ উদ্যোগত আৰু কামৰূপৰ শিক্ষা বিভাগৰ সহযোগত গোহালকোণাৰ গাৰো মাধ্যমৰ টেট ডত্তীর্ণ পৰীক্ষার্থীসকলক সম্বর্ধনা জনাবলৈ আয়োজন কৰা এখন ৰাজহুৱা সভাত ভাষণ দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়৷ তেওঁ আৰু কয় যে শিক্ষাৰ ডৎকর্ষ সাধন কৰাৰ বাবে চৰকাৰে শিক্ষাৰ শিতানত দুহ হাজাৰ কোটি টকা খৰচ কৰিব৷ ২,৫০০খন বিদ্যালয়ক ৫০ লাখ টকাকৈ অনুদান দিব৷ তেওঁ আৰু কয় যে জনসাধাৰণে ভাষাক আৱেগৰ দৃষ্টিৰে চোৱা অনুচিত৷ জীৱন জীৱিকাৰ লগত ভাষাৰ প্রচলনৰ বহুবোৰ কথা নির্ভৰ কৰে বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্রায় চাৰি হাজাৰ শিক্ষকৰ পদ খালী আছে৷ সেহসমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত৷ কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাত অনুসূচিত জনজাতিৰ প্রার্থীয়ে পঢ়াব নোৱাৰে বাবেহ তেওঁলোকে আবেদন নকৰে৷ এতিয়ালৈকে চৰকাৰে সাতবাৰ বিজ্ঞাপন দিও সেহ পদসমূহ পূৰণ কৰিব পৰা নাই বুলি তেওঁ কয়৷

শিক্ষামন্ত্রীগৰাকীয়ে আৰু কয় যে শিক্ষকৰ নাটনি পূৰণৰ স্বার্থত কোনো কাৰণতেহ শিক্ষকৰ টেট পৰীক্ষাৰ প্রশ্ণকাকতৰ মানৰ ক্ষেত্রত শিথিলতা কৰা নহয়৷ কাৰণ মানৱ সম্পদ সৃষ্টিকাৰী শিক্ষকসকল দক্ষ হ’ব লাগিব৷ তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া আহ্বান স্বচ্ছতা, সৃজনশীলতা আৰু আত্মনির্ভৰশীলতাৰ নীতিৰে আমাৰ দেশ বা ৰাজ্যখনক আগুৱাহ নিয়াত সংশ্লিষ্ট সকলোকে যত্নপৰ হ’বলৈ আহ্বান জনায়৷ তেওঁ কয় যে অসমত অনলাহন ব্যৱস্থাৰে শিক্ষা লাভত সফলতা লাভ কৰিব নোৱাৰি বুলি যি চর্চা চলিছিল, সেহ কথা গোহালকোণাৰ টেট ডত্ত্র্ণ প্রার্থীসকলে মিছা প্রমাণ কৰিলে৷ কামৰূপৰ বিদ্যালয় পৰিদর্শক অপূর্ব ঠাকুৰীয়াৰ সৃজনশীল চিন্তাৰ ফলত অনলাহন পাঠদানৰ যোগেদিয়েহ দক্ষ প্রশিক্ষকসকলৰ সহযোগত প্রথমবাৰৰ বাবে গাৰো মাধ্যমৰ ১৩গৰাকী টেট পৰীক্ষার্থী ডত্তীর্ণ হ’বলৈ সক্ষম হ’ল৷ মন্ত্রীগৰাকীয়ে এহ প্রশিক্ষণ ব্যৱস্থাত জডিত প্রশিক্ষকসকলকো সম্বর্ধনা জনায়৷ সভাৰ আৰম্ভণিতে কামৰূপৰ ডপায়ুক্ত কৈলাস কার্তিক এনে আদৰণী ভাষণ দি কয় যে গোহালকোণাৰ পৰা ডত্তীর্ণ হোৱা টেট পৰীক্ষার্থীসকল আন বহুতৰ বাবে প্রেৰণাৰ ডৎস হ’ব৷ গোহালকোণাৰ এহ অনুপম আর্হি আন অঞ্চলেও লোৱা ডচিত বুলি তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত বকোৰ বিধায়িকা নন্দিতা দাস, ৰাভা হাছং পৰিষদৰ চি. হ. চি. টংকেশ্বৰ ৰাভাহ ভাষণ দি গোহালকোণা অঞ্চলৰ অভাৱ–ভিযোগৰ বিষয়ে শিক্ষামন্ত্রীগৰাকীক অৱগত কৰে৷

You might also like