নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাত ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰত ১,৪৮,৭৮৬ ভোটাৰ

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ৮২নং ডুমডুমা বিধানসভা সমষ্টিত ১,৪৮,৭৮৬গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোত ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ১,৪৮,৭৮৬ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ হৈছে ৭০,২৮৫ জন, মহিলা ভোটাৰ ৭৮,৪৯৭ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪ গৰাকী ।

উল্লেখ্য যে, সমষ্টিটোৰ ১৮১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩৪ টা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। উক্ত ভোটগ্ৰহণ কেন্দ্ৰ কেইটা হ’ল ৰূপাই হাইস্কুল, তপোবন প্ৰাথমিক বিদ্যালয় (সোঁ), তপোবন প্ৰাথমিক বিদ্যালয় (বাঁও), ৰূপাই প্ৰাথমিক বিদ্যালয় (সোঁ), ৰূপাই প্ৰাথমিক বিদ্যালয় (বাঁও), ৰূপাই মধ্য ইংৰাজী বিদ্যালয় (মধ্য-১), ৰূপাই মধ্য ইংৰাজী বিদ্যালয় (মধ্য-২), ৰূপাই মধ্য ইংৰাজী বিদ্যালয় (সোঁ), ৰূপাই মধ্য ইংৰাজী বিদ্যালয় (বাঁও), ডুমডুমা বঙ্গীয় প্ৰাথমিক বিদ্যালয়, ডুমডুমা বঙ্গীয় বিদ্যালয় (সোঁ), ডুমডুমা বঙ্গীয় বিদ্যালয় (বাঁও), ডুমডুমা হিন্দী প্ৰাথমিক বিদ্যালয় (সোঁ), ডুমডুমা হিন্দী প্ৰাথমিক বিদ্যালয় (বাঁও), ডুমডুমা সৰস্বতী বালিকা প্ৰাথমিক বিদ্যালয় (সোঁ), ডুমডুমা সৰস্বতী বালিকা প্ৰাথমিক বিদ্যালয় (বাঁও), ডুমডুমা ফৰেষ্ট ৰেঞ্জ অফিচ, ডুমডুমা টাউন হিন্দী মধ্য ইংৰাজী বিদ্যালয়, হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য), হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় (সোঁ), হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাঁও), ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় (পুৰণি ভৱন), ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় (সোঁ), ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাঁও), মণিৰাম দেৱান প্ৰাথমিক বিদ্যালয় (সোঁ), মণিৰাম দেৱান প্ৰাথমিক বিদ্যালয় (বাঁও), ৰামমোহন পাঠশালা (সোঁ), ৰামমোহন পাঠশালা (বাঁও), বৰহাপজান প্ৰাথমিক বিদ্যালয় (সোঁ), বৰহাপজান প্ৰাথমিক বিদ্যালয় (বাঁও), চেলেংগুৰি প্ৰাথমিক বিদ্যালয় (সোঁ), চেলেংগুৰি প্ৰাথমিক বিদ্যালয় (বাঁও), ফিল’বাৰী হাইস্কুল (সোঁ) আৰু ফিল’বাৰী হাইস্কুল (বাঁও) । ইয়াৰে ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোঁ দিশে থকা ১০৪ নং কেন্দ্ৰটো সমষ্টিটোৰ আদৰ্শ কেন্দ্ৰ ৰূপে নিৰ্বাচন কৰিছে।

উল্লেখযোগ্য যে, তিনিচুকীয়া নিৰ্বাচনী জিলাত মুঠ ১২৮১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৬৫ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ ক্ৰিটিকেল হিচাপে চিহ্নিত কৰা হৈছে । ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে ইতিমধ্যে জিলাখনৰ অন্যান্য সমষ্টিৰ লগতে ৮২ নং ডুমডুমা বিধানসভা সমষ্টিক ৭টা জ’ন আৰু ২০ টা চেক্টৰত বিভক্ত কৰিছে।

ইয়াৰ লগতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে জিলাখনত ৩৭ গৰাকী জ’নেল বিষয়া, ১২৫ গৰাকী চেক্টৰ বিষয়া, ১২৮১ গৰাকী প্ৰিজাইডিং আৰু ৩৮৪৩ গৰাকী প্ৰথম পুলিং, দ্বিতীয় পুলিং আৰু তৃতীয় পুলিং বিষয়া নিয়োগ কৰিছে। ইয়াৰ লগতে ভোটগ্ৰহণৰ বাবে ২৭ গৰাকী আৰু ভোটগণনাৰ বাবে ৯৬ গৰাকী মাইক্ৰ অৱজাৰভাৰ নিয়োগ কৰিছে।

নিয়মীয়া বাৰ্তা, ডুমডুমা, ৮ এপ্ৰিল

You might also like