নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমকামী দম্পতী নিষিদ্ধ কাটাৰৰ হোটেলতঃ বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাৰ প্রতিশ্রুতি অসাৰ

বিশেষ বাৰ্তা, ১৫ মেঃ কাটাৰত সমকামিতা আইনসন্মত নহয়৷ সেইবাবে বিশ্বৰ বিভিন্ন দেশৰ সমকামী সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদেৰে কাটাৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ আনকি কাটাৰত বিশ্বকাপ অনুষ্ঠিত নকৰিবলৈও এই সংগঠনসমূহে দাবী জনাইছিল৷ ইয়াৰ পিছতে বিভিন্ন দেশৰ পৰা বিশ্বকাপ উপভোগ কৰিবলৈ অহা সমকামীসকলক পর্যাপ্ত সকলো সুবিধা প্রদানৰ আশ্বাস দিছিল৷ আনকি ফিফাৰ তালিকাভুক্ত হোটেলসমূহত সমকামী দম্পতীক থকাৰ সুবিধা দিয়া হ’ব বুলিও ফিফাই প্রতিশ্রুতি দিছিল৷ কিন্তু দেশখনৰ একাংশ হোটেলে সমকামী দম্পতীক বিশ্বকাপৰ সময়ত হোটেলত থকাৰ অনুমতি প্রদান কৰিবলৈ অস্বীকাৰ কৰিছে৷ স্কেনডিনেভিয়াৰ এক মিডিয়া পর্যবেক্ষণত এই কথা পোহৰলৈ আহিছে৷ এই পর্যবেক্ষণৰ পিছত জানিব পৰা গৈছে যে ফিফাৰ তালিকাভুক্ত ৬৯ হোটেলৰ ভিতৰত তিনিখনে সমকামী দম্পতীৰ প্রৱেশ নিষিদ্ধ কৰিছে৷ অৱশ্যে এই প্রসংগত মন্তব্য দিয়াৰ পৰা বিৰত আছে হোটেল কর্তৃপক্ষ৷ খবৰ অনুসৰি, ৩৩খন হোটেলত সমলিংগৰ দম্পতী থকাক লৈ তেওঁলোকৰ কোনো সমস্যা নাই৷ ইপিনে, আন ২০খন হোটেলৰ কর্তৃপক্ষই জনোৱা মতে, তেওঁলোকে এইসকল লোকক থকাৰ সুবিধা দিব যদিও তেওঁলোক সমকামী বুলি প্রকাশ নকৰে৷ উল্লেখ্য যে বিশ্বকাপৰ সময়ত বিভিন্ন দেশৰ পৰা সমকামী দম্পতী কাটাৰলৈ আহিব৷ কিন্তু সংবাদ মাধ্যমৰ শেহতীয়া বাতৰিয়ে তেওঁলোকক বহু পৰিমাণে ভীতিগ্রস্ত কৰাৰ সম্ভাৱনা আছে৷

You might also like