নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বৰ চৰকাৰৰ দিনত জনসাধাৰণে গোচৰ তৰিবলৈ থানাত যাবলৈ ভয় কৰিছিল: মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ মাজুলীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনশৈলীৰ চানেকি প্রতিফলিত কৰি মৈত্রী আঁচনিৰ অধীনত মাজুলী থানা তথা গডমূৰ থানাৰ নৱনির্মিত ভৱন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ আৰক্ষীৰ বাবে নৱনির্মিত এক অতিথিশালাও উদ্বোধন কৰে মুখ্যমন্ত্রী সোণোৱালে৷ এই উপলক্ষে মাজুলী থানাৰ নৱনির্মিত ভৱন প্রাংগণত আয়োজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে আৰক্ষী বাহিনীৰ মাজত যোৱা চাৰে চাৰি বছৰত কর্মসংস্কৃতিৰ নতুন বাতাৱৰণ সৃষ্টি হৈছে৷ জনসাধাৰণে নির্ভয়ে এতিয়া গোচৰ তৰিবলৈ থানালৈ যাব পৰা এক পৰিৱেশ নির্মাণ হৈছে৷ পূর্বৰ চৰকাৰৰ দিনত জনসাধাৰণে গোচৰ তৰিবলৈ থানালৈ যাব ভয় কৰিছিল৷ বর্তমান আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পর্ক মধুৰ হৈ আহিছে৷ সেয়েহে জনসাধাৰণে দিয়া গোচৰসমূহ আৰক্ষীয়ে তৎপৰতাৰে গ্রহণ কৰি কার্যব্যৱস্থাৰ উদ্যোগ লৈছে৷ আৰক্ষী আৰু ন্যায়ালয়ৰ মাজত কর্ম সম্পর্ক উন্নত হৈছে৷ ফাষ্ট ড্রেক ক’টৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে দোষীক শাস্তি দিয়াটো বর্তমান সম্ভৱ হৈ উঠিছে৷ সেইবাবে পৰিৱর্তিত পৰিৱেশৰ লগত সংগতি ৰাখি আৰক্ষীয়ে সততা আৰু নিষ্ঠাৰে কাম কৰি জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷

তেওঁ পুনৰ কয় যে ৰাজ্যৰ জনসাধাৰণৰ জীৱন আৰু সা–সম্পত্তি সুৰক্ষা, নিৰাপত্তা প্রদানৰ ক্ষেত্রত ২০১৬ চনৰে পৰা অসম আৰক্ষীয়ে শক্তিশালী যাত্রাত অগ্রসৰ হৈছে৷ আৰক্ষীয়ে অধিক দক্ষতাৰে কাম কৰাৰ বাবে এক পৰিৱেশৰ প্রয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে পূর্বতে থানাসমূহৰ জৰাজীর্ণ ৰূপ আছিল৷ বর্তমানৰ ৰাজ্য চৰকাৰে মৈত্রী আঁচনিৰ জৰিয়তে থানাসমূহ আধুনিকীকৰণৰ দিশত অগ্রসৰ হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুৱাহাটীত অনুষ্ঠিত ডি জি পি সন্মিলনত স্মার্ট পুলিচ গঢ়াৰ বাবে যি আহ্বান জনাইছিল, তাক কার্যকৰী ৰূপ দানৰ বাবে অসম চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে৷ বিজ্ঞান আৰু প্রযুক্তিয়ে আজিৰ বিশ্বক পৰিচালিত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষী বাহিনীক প্রযুক্তিগতভাৱে আগুৱাই নিয়াৰ বাবেও প্রয়াস কৰা হৈছে৷ মাজুলী জিলাতো আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰি ইতিমধ্যে তাক বাস্তৱায়িত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, বিধায়কদ্বয় ক্রমে বিমল বৰা আৰু ডাঃ ৰণোজ পেগু, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মাজুলী জিলা গাঁওৰক্ষী বাহিনীৰ সভাপতি লোকনাথ কুটুমেও ভাষণ প্রদান কৰে৷ অসম আৰক্ষীৰ পূব মণ্ডলৰ উপ–মহাপৰিদর্শক ড০ ভি শিৱপ্রসাদ গাঞ্জালাই আদৰণী ভাষণ দিয়া আজিৰ অনুষ্ঠানত অসম আৰক্ষীৰ গৃহ নির্মাণ পৰিষদৰ অধ্যক্ষ অৰবিন্দ কলিতা, মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰী, আৰক্ষী অধীক্ষক অর্পণা নটৰাজন প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like