নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰিয়ে আছে ৰঙানদী প্রকল্পৰ পানী, লখিমপুৰত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ চৰম দাম্ভিকতা প্রদর্শন কৰিছে নীপকোৱে৷ একপ্রকাৰ দাদাগিৰি কৰি নীপকোৱে ৪৮ ঘণ্টা ধৰি এৰি আছে ৰঙানদী প্রকল্পৰ পানী৷ পৰিণতিত জীয়াতু ভুগিবলগীয়া হৈছে লখিমপুৰৰ ৰাইজে৷ যোৱা ২৮ জুলাইৰ পুৱা পাঁচ বজাৰ পৰা নীপকোৱে অবিৰাম গতিৰে পানী এৰি আছে৷ ৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো প্রকল্পৰ গেট বন্ধ কৰাৰ নাম–গোন্ধ নাই৷

উক্ত দিনা প্রকল্পৰ পানী এৰি দি প্রতিছেকেণ্ডত তিনি হাজাৰ ঘনমিটাৰলৈ বৃদ্ধি কৰিছিল এৰি দিয়া পানীৰ পৰিমাণ৷ ফলত জলপ্রলয়ৰ সৃষ্টি হৈছিল লখিমপুৰত৷ নদীপৰীয়া অঞ্চলসমূহ বানত বুৰ গৈছিল৷ হাহাকাৰ লাগিছিল ৰাইজৰ মাজত৷ ওখ ঠাইত উঠি কোনোমতে নদীপৰীয়া ৰাইজে প্রাণৰক্ষা কৰিবলগীয়া হৈছিল৷ উক্ত দিনাই সন্ধিয়া লখিমপুৰলৈ আহি নীপকোৱে প্রকল্পৰ নামনিৰ ৰাইজৰ কোনো ক্ষতি কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আহি সকীয়নি দিছিল৷ পিছে নীপকোৱে কেৰেপেই নকৰিলে ৰাজ্যৰ মুৰব্বীজনৰ এই সকীয়নিক৷ বিপৰীতে অবিৰাম গতিত আজিও প্রকল্পৰ পানী এৰিয়েই আছে৷

You might also like