নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবলৰ উদ্বোধনী খেলত বিজয়ী শিলিখা চাহ বাগিচা দল

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাৰ পূৱেৰুণ সংঘৰ উদ্যোগত আজিৰ পৰা বৰহোলা চাহ বাগিচা খেলপথাৰত আৰম্ভ হৈছে অষ্টম বাৰ্ষিক স্বৰ্গীয় যোগাব্দী বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। আজি আবেলি বৰহোলা উপ ক্ৰীড়া সন্থাৰ সভাপতি তথা সমাজকৰ্মী বিবুল হাজৰিকাই প্ৰতিযোগিতাৰ উদ্বোধন কৰা পিছতে দিহিঙীয়াপাৰা লিটুল ক্লাৱ আৰু শিলিখা চাহ বাগিচা দলৰ মাজত খেল অনুষ্ঠিত হয়। পূৱেৰুণ সংঘৰ সভাপতি অনন্ত গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বৰহোলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অমল সোণোৱাল, বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনজিৎ পেগু, পূৱেৰুণ সংঘৰ সম্পাদক বসন্ত সোণোৱাল, শিশু সাহিত্যিক তিলো সোণোৱাল, যুৱ কৰ্মী বিজয় হাজৰিকা, যোগাব্দী বৰুৱা সোঁৱৰণী খেলখনৰ দাতা পৰিয়ালৰ হৈ বিমান বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্যা দিব্যজ্যোতি সোণোৱাল বৰুৱা, খেল পৰিচালনা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়া, পূৱেৰুণ সংঘৰ ক্ৰীড়া সম্পাদক মৃদুল বৰা, বিজেপিৰ যোৰহাট জিলাৰ সম্পাদক দেৱজিৎ সোণোৱাল, সমাজকৰ্মী ছফিকুল হক আদিয়ে অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰে। আজি খেলখনত ৪-১ গ’লত দিহিঙীয়াপাৰা লিটুল ক্লাৱক পৰাজিত কৰি শিলিখা চাহ বাগিচা দল বিজয়ী হয়। প্ৰথম এঘণ্টীয়া খেলখনত দুয়োটা দলৰ ১-১ গ’লত ড্ৰ হৈছিল যদিও পিছত ট্ৰাই বেকাৰত শিলিখা চাহ বাগিচা দলটো বিজয়ী হ’বলৈ সক্ষম হয়। খেলখনত ৰেফাৰী হিচাপে আছিল এলবাৰ্ট তপ্ন, ভিমা গুৱালা আৰু অৰুণ ঘাটোৱাৰ। পূৱেৰুণ সংঘৰ সম্পাদক বসন্ত সোণোৱালে জানিবলৈ দিয়া মতে মুঠ ১৬টা দলৰ মাজত হ’ব লগা প্ৰতিযোগিতাৰ ২০ নৱেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ’ব। ৩১ অক্টোবৰত নৱমিলন ফুটবল দল আৰু ৰিয়ান্স ফুটবল দলৰ খেল হ’ব।

প্ৰেৰক অজয় শইকীয়া

You might also like