নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভাৰ ১৪০ বছৰীয়া জয়ন্তীৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

বিশেষ বাৰ্তা, ১ এপ্ৰিল : আজি জিলা পুথিভঁৰাল চৌহদত ধুবুৰী পৌৰ ব’ৰ্ডৰ ১৪০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত সপ্তাহজোৰা উদযাপনৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ধুবুৰী পৌৰসভাই ১৮৮৩ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ১৪০ বছৰীয়া গৌৰৱময় যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু সেই উপলক্ষে ধুবুৰী পৌৰসভাই ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰি সপ্তাহজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে য’ত স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ , পুলি ৰোপণ, আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে জয়ন্ত মল্লবৰুৱাই ধুবুৰী জিলা পুথিভঁৰালত এই অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্য ভাষণত ধুবুৰী পৌৰসভাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ভাষণত তেওঁ উল্লেখ কৰে যে ধুবুৰীত সমন্বয়, শান্তি, আৰু সমৃদ্ধি বজাই ৰখাৰ দায়িত্ব হৈছে জিলাখনৰ সকলো বাসিন্দাৰ। তেওঁ উল্লেখ কৰে যে কেৱল আন্তঃগাঁথনিমূলক উন্নয়নেই এখন ঠাইৰ সামগ্ৰিক উন্নয়ন নহয়, ইয়াৰ বাবে মানসিকতাৰ পৰিৱৰ্তনৰো প্ৰয়োজন আছে। মন্ত্ৰী বৰুৱাই কয় যে, “এখন সীমান্তৱৰ্তী জিলা হিচাপে ধুবুৰীৰ নিজস্ব নিৰ্দিষ্ট সমস্যা আছে আৰু সেয়েহে, প্ৰতিজন বাসিন্দাই অনুভৱ কৰাটো প্ৰয়োজন যে তেওঁলোকেই হৈছে প্ৰকৃত সেনাবাহিনী যিয়ে আমাৰ সীমান্তসমূহক বিভিন্ন দিশৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে।” তেওঁ লগতে কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে বিষয়সমূহ এদিনীয়া বিষয় বা পৌৰসভাৰ একমাত্ৰ দায়িত্ব হ’ব নোৱাৰে বৰঞ্চ ই সেই ঠাইত বাস কৰা লোকসকলৰ সামূহিক প্ৰচেষ্টা হোৱাটো প্ৰয়োজন। ইয়াৰলগতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিজন লোককেই বাল্য বিবাহ, ভ্ৰুণ হত্যা ইত্যাদি সামাজিক দুষ্টতাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায় যিয়ে প্ৰকৃত অৰ্থত সমাজত বিকাশ কঢ়িয়াই আনিব। অনুষ্ঠানত ধুবুৰী পৌৰসভাৰ অধ্যক্ষ দেবময় সন্যাল, উপায়ুক্ত দিবাকৰ নাথ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like