নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গজ উৎসৱ উপলক্ষে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ প্ৰস্তুতিৰ সন্দৰ্ভত বোকাখাতত বৈঠক

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ চলিত মাহৰ ৬, ৭ তাৰিখে কাজিৰঙাত আয়োজন কৰা হৈছে গজ মহোৎসৱৰ। এই মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰিব বুলি নিশ্চিত হৈছে। সেই উদ্দেশ্যে আজি ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱিত কাজিৰঙা ভ্ৰমণসূচীৰ প্ৰস্তুতিপৰ্বৰ বুজ লয় মন্ত্ৰী গোটে। বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। প্ৰস্তুতি পৰ্বৰ বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ প্ৰথমবাৰৰ বাবে আহিবলগীয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ ভ্ৰমণসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলীৰ সবিশেষ বৈঠকত আলোচনা কৰা হয়। বিভিন্ন বিভাগে পালন কৰিবলগীয়া দায়িত্বসমূহ নিখুঁতভাৱে কাৰ্যকৰীকৰণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশনা দিয়া হয়। উল্লেখ্য যে বৈঠকত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিং, আৰক্ষী উপমহাপৰিদৰ্শক দেৱজ্যোতি মুৰ্খাজী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, গোলাঘাট, নগাঁৱৰ জিলা উপায়ুক্তদ্বয় ডাঃ উদয় প্ৰবীণ আৰু নৰেন্দ্ৰ শ্বাহ, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈন, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ প্ৰমুখ্যে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, কলিয়াবৰৰ মহকুমাধিপতি আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল বৈঠকত উপস্থিত থাকে।

You might also like