দদৰা উচ্চতৰ মাধ্যমিকৰ নৱনিৰ্মিত ভৱন উদ্বোধন
অসমত ৰাজ্যখনৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক শৈক্ষিক বিপ্লৱ আৰম্ভ হৈছে ৷ ব্যক্তিগত শিক্ষানুস্থানে যি সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয় সমুহলৈ এক অভাৱনীয় প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল সেই সময়তে দূৰদৰ্শী চিন্তাৰ নায়ক তথা ৰাজ্যৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ড°শৰ্মাই এই প্ৰত্যাহ্বান ওফৰাই আজি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমুহ প্ৰাণৱন্ত কৰি উজ্বলাই তুলিবলৈ সক্ষম হৈছে ৷ যাৰ ফলত ছাত্ৰ ছাত্ৰী সকল চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ধাউতি বাঢ়িছে ৷ এই মন্তব্য হাজো বিধান সভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ ৷
কামৰূপ জিলাৰ অন্তৰ্গত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰে পি এম ডিজাইন আচনিৰ অধীনত ৭.১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা নতুন বিদ্যালয় ভৱনটি আনুস্থানিকভাবে উদ্বোধন কৰি বিধায়িকা গৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয় ভৱনটিয়ে এই বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখন বিশেষ ইন্ধন যোগাব ৷ আমি কোনোৱে ভাবিব পৰা নাছিলো যে, বিদ্যালয় সমুহৰ ইমান সুন্দৰ আন্তঃগাঁথনি হব বুলি৷ কিন্তু অসমবাসীয়ে ভাবিব নোৱাৰা উন্নয়নৰ কাম বিগত পাচটা বছৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই কৰি আহিছে ৷ অসমৰ চৌদিশতে উন্নয়নৰ সোঁত বৈছে৷
এইবাৰৰ পৰা বিদ্যালয়সমুহত সংগীত আৰু খেল বিষয়ক গুৰুত্বপূৰ্ণ বিষয় হিচাৱে অন্তৰ্তভূক্ত কৰিব বিচৰা কাৰ্যৰ আদৰণি জনায় বিধায়িকা সুমন হৰিপ্ৰিয়াই কয় যে ছাত্ৰ ছাত্ৰী সকলে পঢ়াৰ লগতে খেলা-ধুলা আৰু সংগীত শিক্ষা গ্ৰহণ কৰি নিজৰ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব৷ তেওঁ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমুহৰ এনে উন্নয়নৰ ব্যৱস্থা হাতত লোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়৷
আৰম্ভণিতে বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰুবুল শৰণীয়াই এটি বৰগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ অনুস্থানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে এটি সমবেত সংগীত পৰিৱেশন কৰে৷ অনুস্থানত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়খনৰ অধ্যক্ষ শৰৎ চন্দ্ৰ কলিতাই মুখ্যমন্ত্ৰী গৰাকীৰ এনে মহান প্ৰচেস্টাৰ শলাগ লয় ৷
স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়খনত নতুন ভৱন নিৰ্মাণ কৰি বিদ্যালয়খনত যি এক নতুনত্বৰ পৰিচয় দাঙি ধৰাৰ সুযোগ দিলে সিয়ে অদুৰ ভবিষ্যতে ছাত্ৰ ছাত্ৰী সংখ্যা সৰ্বাধিক কৰাৰ বিশেষ ভূমিকা পালন কৰিব বুলি কয় ৷ তেওঁ শিক্ষা বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনকো ইয়াৰ বাবে ধন্যবাদ দিয়ে ৷
বিদ্যালয়খনত ৭.১২ কোটি টকা ব্যয় সাপেক্ষে শ্ৰেণী কোঠা ১৮টা, স্মাৰ্ট ক্লাছৰূম ২টা, অধ্যক্ষৰ কক্ষ এটা, শিক্ষক শিক্ষয়িত্ৰী জিৰণি কোঠা ১টা, পৰীক্ষাগাৰ ৩ টা, কম্পিউটাৰ কক্ষ ১টাৰ উপৰি ছাত্ৰ শৌচাগাৰ, ছাত্ৰীৰ শৌচগাৰ, দিবাংগৰ শৌচগাৰ আৰু মধ্যহ্ন ভোজনৰ ৰান্ধনীশাল আৰু ডাইনিং হল নিৰ্মাণ কৰা হয়৷
শিক্ষক ভাস্কৰজ্যোতি দাসে আতঁ ধৰা অনুস্থানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত, সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম চৌধুৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নবীন ৰাজবংশী, উপ সভাপতি বলেন ৰাজবংশী, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, প্ৰাক্তন ছাত্ৰনেতা দিবাকৰ কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি ৷
বিশেষ বাৰ্তা, শুৱালকুছি, ৩ ফ্ৰেব্ৰুৱাৰী