নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলীত সুৰাৰ বন্যাত উটি গ’ল ৰাজ্য: ৭ মার্চত ৯.৫৮ কোটি, ৮ মার্চত ১.০৪ কোটি টকা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ:  ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দই ৰাজ্যবাসীক বুৰাই ৰখাৰ সময়তে একাংশই এই উৎসৱ উদযাপন কৰিলে আন ধৰণে৷ হোলীৰ উৎসাহক অধিক মতলীয়া কৰাৰ বাবে ৰাজ্যৰ একাংশই যোৱা দুটা দিনত উটি গ’ল সুৰাৰ বন্যাত৷ ৭ আৰু ৮ মার্চ– এই দুটা দিনত কোটি কোটি টকাৰ সুৰা বিক্রীৰে কার্যতঃ অভিলেখ গঢ়িলে অসমে৷ এই দুটা দিনত ৰাজ্যত সুৰা বিক্রী হ’ল ২১.৪২ কোটি টকাৰ৷

আবকাৰী বিভাগৰ তথ্য অনুসৰি, ৭ মার্চত ৰাজ্যত সুৰা বিক্রীৰে চৰকাৰে ৰাজহ আদায় কৰিলে ৯.৫৮ কোটি টকা৷ আনহাতে, ৮ মার্চত আবকাৰী বিভাগে আদায় কৰিলে ১.০৪ কোটি টকাৰ ৰাজহ৷ এই দুয়োটা দিনত চৰকাৰৰ ৰাজহ আদায় হ’ল ১০.৬২ কোটি টকা৷ সুৰা বিক্রীৰ ক্ষেত্রত গুৱাহাটী মহানগৰীও পিছপৰি নৰ’ল৷ হোলীৰ দুটা দিনত কামৰূপ (মহানগৰ) জিলাত সুৰা বিক্রীৰে আবকাৰী বিভাগে ৰাজহ আদায় কৰিলে ৫.১৮ কোটি টকা৷ সুৰা বিক্রীত অভিলেখ স্থাপন হোৱা অসমত হোলীৰ এই দুটা দিনত বৃদ্ধি পালে পথ দুর্ঘটনা৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত এই দুটা দিনতে পথ দুর্ঘটনাত চিকিৎসাধীন হ’ব লগা হ’ল ১০৩গৰাকীকৈ লোক৷ সেয়াই নহয়, ৰাজ্যৰ বিভিন্ন প্রান্তত হোলী উৎসৱৰ এই সময়ছোৱাত পথ দুর্ঘটনাত নিহত হ’ল কেইবাজনো লোক৷ যোৱা দুটা দিনত ৰহাত এজন, শিলচৰত এজন, চিলাপথাৰত দুজন, কৃষ্ণাইত এজন লোক পথ দুর্ঘটনাত মৃত্যুমুখত পৰে৷

You might also like