নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত স্বাধীনতা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

বিশেষ বাৰ্তা, ৯ আগষ্টঃ আগন্তুক ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষ্যে মৰিয়নি ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে বিভিন্ন কাৰ্য্যসূচী। আজি বিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি কাৰ্য্যসূচী মুকলি কৰা হয়। মৰিয়নি ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত আৰু কিংশুক ক্ৰীড়া- সাংস্কৃতিক চ’ৰাৰ সহযোগত কিংশুক ভৱন আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মৰিয়নিৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মুঠ তিনিটা শাখাত অনুষ্ঠিত হোৱা এই চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। আনহাতে, ১০ আগষ্টত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা আৰু ১১ আগষ্টত ‘ঘৰে ঘৰে ত্ৰিৰংগা পতাকা’ শীৰ্ষক শ্ল’গান প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ৰচনা প্ৰতিযোগিতা মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে শ্ল’গান প্ৰতিযোগিতা ‘অন লাইন’ ব্যৱস্থাত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে। ১৩ আগষ্টত মৰিয়নিৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰা হ’ব। আনহাতে, ১৪ আগষ্টৰ বিয়লি মৰিয়নি ক্ৰীড়া সন্থাৰ সহযোগত যোৰহাট মৰিয়নি পথৰ এম ই এছ গেটৰ পৰা বাপুজী ষ্টেডিয়ামলৈকে এক হাফ মাৰাথন আৰু সজাগতা সমদল অনুষ্ঠিত কৰা হ’ব। ১৫ আগষ্টত বাপুজী ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব। ৰাষ্ট্ৰীয় পতাকা কেন্দ্ৰীয়ভাৱে উত্তোলন কৰিব মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁ‌হায়ে। সেইদিনাই বিভিন্ন খেল ধেমালি, দুখীয়া লোকৰ মাজত আহাৰ বিতৰণ, প্ৰীতি ফুটবল আদি অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। সমূহ কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ প্ৰশাসনৰ তৰফৰ পৰা কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like