নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র ঘুণীয়া হোৱাৰ পাছত ৰেগিঙৰ বিৰুদ্ধে হেল্পলাইন নম্বৰ মুকলি ডিব্রুগড় বিশ্ববিদ্যালৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ:  ডিব্রুগড বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম মূল অভিযুক্ত দিব্যজ্যোতি গগৈক কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ডিব্রুগড়ৰ ন্যায়িক আদালতত আত্মসমর্পণ কৰিবলৈ অহা অৱস্থাত ৰাজপথৰ পৰাই গ্রেপ্তাৰ কৰে ডিব্রুগড় আৰক্ষীয়ে৷ উল্লেখ্য যে দিব্যজ্যোতি গগৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ বিগত নির্বাচনৰ সভাপতি পদৰ প্রার্থী আছিল৷ প্রয়োগিক ভূতত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র ধৃত দিব্যজ্যোতি গগৈ৷ ঢকুৱাখনা নিৱাসী দিব্যজ্যোতি গগৈসহ এই মুহূর্তলৈকে ৰেগিং কাণ্ডত জড়িত পাঁচজন ছাত্রক গ্রেপ্তাৰ কৰা হৈছে৷ ইতিমধ্যে প্রাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক উক্ত দিনাই গ্রেপ্তাৰ কৰিছিল৷ আনহাতে মূল অভিযুক্ত ৰূপে চর্চিত ৰাহুল ছেত্রীৰ লগতে কল্যাণ দত্তই বর্তমানেও আত্মগোপন কৰি আছে৷ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্রীক গ্রেপ্তাৰ কৰিব নোৱাৰাটোৱে আৰক্ষীৰ চৰম বিফলতা বুলিও সর্বত্র চর্চা লভিছে৷

ইফালে ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’ৰ দৰেই হৈছেগৈ ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষ৷ ভয়ংকৰ ৰেগিঙৰ ঘটনাত আনন্দ শর্মা নামৰ ছাত্রজন চিৰদিনলৈ ঘুণীয়া হোৱাৰ পাছত এইবাৰ ৰেগিঙৰ বিৰুদ্ধে হেল্পলাইন মুকলি কৰিছে ডিব্রুগড় বিশ্ববিদ্যালয়ে৷ এতিয়াৰে পৰা কোনো শিক্ষার্থীয়ে ৰেগিঙৰ সন্মুখীন হ’লে helpline.dibru.ac.in ত ই–মেইলৰ দ্বাৰা অভিযোগ দাখিল কৰিব পাৰিব৷ সেয়ে ৰেগিঙৰ কোনো অভিযোগ পালেই তৎকালে জনাবলৈ আহ্বান জনাইছে ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই৷

You might also like