নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিগ’ৰ ডাঙৰ ঘোষণা : বাতিল ফ্লাইটৰ যাত্ৰীলৈ ক্ষতিপূৰণ ভাউচাৰ

ভাৰত চৰকাৰৰ বৰ্তমানৰ নাগৰিক বিমান চলাচল নীতি অনুসৰি— যদি কোনো এয়াৰলাইনৰ ফ্লাইট নিৰ্ধাৰিত সময়ৰ ২৪ ঘণ্টাৰ ভিতৰত বাতিল হয়, তেতিয়া সেই এয়াৰলাইনে বাধ্যতামূলকভাৱে যাত্ৰীসকলক ক্ষতিপূৰণ দিব লাগিব

ইণ্ডিগ’-এ শেহতীয়াকৈ নিজৰ হাজাৰ হাজাৰ যাত্ৰীভোগীলৈ হোৱা অসুবিধা স্বীকাৰ কৰি এটা  ডাঙৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছে। সংস্থাটোৱে ঘোষণা কৰিছে যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অপাৰেচনেল সমস্যাৰ সময়ত যিসকল যাত্ৰীৰ ভ্ৰমণ কঠোৰভাৱে প্ৰভাৱিত হৈছিল, তেওঁলোকক ১০,০০০ টকাৰ ভ্ৰমণ ভাউচাৰ প্ৰদান কৰা হ’ব। এই ভাউচাৰ এটা বছৰৰ ভিতৰত যিকোনো ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।

ইণ্ডিগ’-এ স্বীকাৰ কৰিছে যে এই তিনি দিনত বহু যাত্ৰীয়ে বিমানবন্দৰত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিব লগা হৈছিল। বহু লোকে কানেক্টিং ফ্লাইট মিছ কৰিছে, জৰুৰী ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছে। ইণ্ডিগ’ৰ মতে, এই সময়টো অত্যন্ত সংকটজনক আছিল আৰু যাত্রীসকলৰ কষ্টৰ সম্পূর্ণ দায়ভাৰ সংস্থাটোৱে ল’ব।

ভাৰত চৰকাৰৰ বৰ্তমানৰ নাগৰিক বিমান চলাচল নীতি অনুসৰি— যদি কোনো এয়াৰলাইনৰ ফ্লাইট নিৰ্ধাৰিত সময়ৰ ২৪ ঘণ্টাৰ ভিতৰত বাতিল হয়, তেতিয়া সেই এয়াৰলাইনে বাধ্যতামূলকভাৱে যাত্ৰীসকলক ক্ষতিপূৰণ দিব লাগিব।

নিয়মানুসাৰে—

  • ক্ষতিপূৰণ ৫,০০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত হ’ব পাৰে (বিমানৰ দূৰত্ব আৰু সময়ৰ ওপৰত আধাৰিত)।
  • সেয়ে কিছুমান যাত্ৰী মোটামুটি ২০,০০০ টকা পৰ্যন্ত লাভ পোৱাৰ সম্ভাৱনা আছে (মুঠ ক্ষতিপূৰণ + ইণ্ডিগ’ৰ ১০,০০০ টকা ভাউচাৰ)।

ইণ্ডিগ’ৰ বক্তব্য—

  • বাতিল হোৱা বিমানৰ বেছিভাগ ৰিফাণ্ড দিয়া হৈছিল।
  • যিবোৰ ৰিফাণ্ড বাকী আছে সেইসমূহো শীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব।
  • ট্ৰেভেল এজেঞ্চী, অনলাইন প্লেটফৰ্ম বা এপেৰে ক্ৰয় কৰা টিকটৰ ৰিফাণ্ডো প্ৰক্ৰিয়াত আছে বা ইতিমধ্যে প্ৰদান কৰা হৈছে।

ইফালে যাত্ৰীসকল যদি নিজৰ ৰিফাণ্ডৰ ষ্টেটাছ নেদেখে, তেন্তে ইমেইলে যোগাযোগ কৰিব পাৰ— [email protected]

ইণ্ডিগ’ৰ মতে—

  • অপাৰেচনেল সমস্যাৰ বাবে বহু যাত্ৰী ভয়ংকৰ অসুবিধাৰ সন্মুখীন হৈছিল।
  • বহু লোক বিমানবন্দৰত বন্দী হৈ আছিল, শাৰী পাতি আছিল।
  • ইয়াৰ বাবে ভবিষ্যৎ ভ্ৰমণত সুবিধা হোৱাকৈ বেছি প্ৰভাৱিত যাত্ৰীসকলক ১০,০০০ টকাৰ ভাউচাৰ দিয়া হৈছে।

ইণ্ডিগ’ৰ মন্তব্য— “আমাৰ সেৱাক পুনৰ বিশ্বাসযোগ্য আৰু স্থিৰ কৰিবলৈ আমি সকলো পদক্ষেপ লৈ আছোঁ। যাত্ৰীসকলৰ বিশ্বাসই আমাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ, আৰু তেওঁলোকৰ সহনশীলতাৰ আমি কৃতজ্ঞ।”

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ

You might also like