নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ডিচেম্বৰ, শুকুৰবাৰ

মেষ : আজি দিনটো মধ্যম। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। কোনো নতুন কাম আৰম্ভ নকৰিব, লোকচান হ’ব পাৰে। চাকৰি আৰু ব্যৱসায় দুয়োটাতে বাধা-ব্যাঘাতৰ সম্ভাৱনা। পৰিয়ালত মতবিৰোধ বৃদ্ধি পাব পাৰে। শুভ সংখ্যা- ৯, শুভ ৰং- ৰঙা।

বৃষ : আজি অত্যধিক পৰিশ্ৰম কৰিব লগা হ’ব। অধিক কামৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ব্যৱসায়ত অংশীদাৰৰ পৰা সাৱধান থাকিব। বাক্য নিয়ন্ত্ৰণত ৰাখক আৰু পাৰিবাৰিক পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। শুভ সংখ্যা- ৬, শুভ ৰং- মটিয়া।

মিথুন : আজি দিনটো সাধাৰণতে ভাল। কিন্তু কোনো নিকটাত্মীয়ক লৈ চিন্তা থাকিব পাৰে। অধিক কামৰ চাপত মানসিক টান অনুভৱ হ’ব পাৰে। ব্যৱসায়ত লোকচানৰ আশংকা। নতুন কাম আৰম্ভ নকৰিব। দাম্পত্যত মতবিৰোধ বাঢ়িব পাৰে। শুভ সংখ্যা- ৫, শুভ ৰং- সেউজীয়া।

কৰ্কট : আজিৰ দিনটো অতি শুভ। বিশেষ কোনো কামৰ বাবে যাত্ৰা সফল হ’ব। কোর্ট–কাছাৰীৰ বিষয়ত জয়লাভ কৰিব পাৰে। ব্যৱসায়ত উপাৰ্জনৰ নতুন পথ সৃষ্টি হ’ব। পৰিয়ালত সন্মান আৰু মান বৃদ্ধি পাব। শুভ সংখ্যা- ২, শুভ ৰং- নীলা।

সিংহ : আজি কিছুমান সমস্যাই ঘেৰি ধৰিব পাৰে। মানসিক চাপ আৰু ক্লান্তি অনুভূত হ’ব। ব্যৱসায়ত নিজৰ মানুহৰ পৰা প্ৰৱঞ্চনা সম্ভৱ। অজানা লোকক ধন নিদিব। পৰিয়ালত পৈতৃক সম্পত্তিক লৈ বাকবিতণ্ডা হ’ব পাৰে। বাহন চলাওঁতে সাৱধান থাকিব। শুভ সংখ্যা- ১, শুভ ৰং সোণালী।

কন্যা : আজি দিনটোত সফল হ’ব। চাকৰি সন্ধানকাৰীৰ চেষ্টা সফল হ’ব। নিজৰ স্বাস্থ্য ভালে থাকিব যদিও পিতৃ-মাতৃৰ স্বাস্থ্য বেয়া হ’ব পাৰে। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সহায় লাভ হ’ব। পৰিয়ালত পুৰণি মতবিৰোধ শেষ হ’ব। শুভ সংখ্যা- ৩, শুভ ৰং- হালধীয়া।

তুলা : আজি গুৰুত্বপূৰ্ণ কাম ৰৈ যাব পাৰে, যাৰ বাবে মানসিক চিন্তা বাঢ়িব। অৰ্থনৈতিক সংকটৰ বাবে কাৰো পৰা সহায় ল’ব লাগিব পাৰে। ব্যৱসায়ত পতন অনুভৱ হ’ব। শুভ সংখ্যা- ৭, শুভ ৰং- আকাশী নীলা।

বৃশ্চিক : আজি প্ৰধান কাম-কাজ থাকিব, ক্লান্তিও আহিব। বতৰ পৰিৱর্তনৰ ফলত স্বাস্থ্য বেয়া হ’বও পাৰে। কোনো বিশেষ ব্যক্তিৰ সাক্ষাতত আৰ্থিক লাভ হ’ব পাৰে। ডাঙৰ বিনিয়োগ নকৰিব। পৰিয়ালত জটিলতা বাঢ়িব পাৰে। শুভ সংখ্যা- ৯, শুভ ৰং- ৰঙা।

ধনু : আজি স্বাস্থ্য বেয়া হ’ব পাৰে আৰু কোনো ষড়যন্ত্রৰ চিকাৰ হ’ব পাৰে। ব্যৱসায়ত লোকচানৰ আশংকা। নতুন কাম আৰম্ভ নকৰিব। পৰিয়ালত সম্পত্তিক লৈ বিতর্ক সম্ভৱ। বাহন সাৱধানে চলাব। শুভ সংখ্যা- ৮, শুভ ৰং- হালধীয়া।

মকৰ : আজি দিনটো সাধাৰণ। স্বাস্থ্যত উন্নতি দেখা যাব। কিন্তু ব্যৱসায়ত লোকচান সম্ভৱ। নতুন কাম আজিৰ দিনত আৰম্ভ কৰিব। পৰিয়ালত তর্ক-বিতর্কৰ পৰা বাচি থাকিব। শুভ সংখ্যা- ৪, শুভ ৰং- ক’লা।

কুম্ভ : আজি দিনটো ভালে যাব যদিও সাধাৰণ স্বাস্থ্য সমস্যাই দুখ দিব পাৰে। ডাঙৰ বিনিয়োগ আৰু বিপজ্জনক কৰ্ম এৰাই চলিব। ধন ঋণত নিদিব। বাহন সাৱধানে চলাব। শুভ সংখ্যা- ১১, শুভ ৰং- নীলা।

মীন : বাহন সাৱধানে চলাব, দুৰ্ঘটনাৰ আশংকা আছে। স্বাস্থ্য বেয়া হ’ব পাৰে। ব্যৱসায়ত শত্রুৱে ক্ষতি কৰিব পাৰে। আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। চাকৰি পৰিৱৰ্তন নকৰিব। পৰিয়ালৰ পৰা সহায় লাভ হ’ব। শুভ সংখ্যা- ৭, শুভ ৰং- হালধীয়া।

You might also like