নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালা চৰকাৰৰ ছবিত নৃত্যশিল্পী ইন্দিৰা পি পি বৰা

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বিখ্যাত কথাকলি নৃত্যৰ গুৰু গোপীনাথৰ কর্মৰাজিৰ বিষয়ে কেৰালা চৰকাৰে নির্মাণ কৰা এখন ছবিত অসমৰ বিশিষ্ট নৃত্যশিল্পী ইন্দিৰা পি পি বৰাই অংশ লয়৷ অলপতে মুম্বাইৰ বিখ্যাত আন্ধেৰী ৱেষ্টত এই ছবিখনৰ কিছু শ্বুটিং হৈ যায়৷ এই শ্বুটিঙত অংশ লয় ইন্দিৰা পি পি বৰাই৷

উল্লেখ্য যে গুৰু গোপীনাথে বহু কষ্ট, সাধনা আৰু গৱেষণা কৰি শাস্ত্রীয় কথাকলি নৃত্যক দেশে–বিদেশে জনপ্রিয় কৰি বহু অৱদান যোগাইছে৷ মন কৰিবলগীয়া যে ২০২০ চনত পদ্মশ্রী ইন্দিৰা পি পি বৰাক কেৰালা চৰকাৰে সর্বোচ্চ সন্মান গুৰু গোপীনাথ বঁটা আৰু নগদ তিনি লাখ টকাৰে সন্মানিত কৰিছিল৷

উল্লেখনীয় যে কিছু বছৰৰ আগতে অস্কাৰ বিজয়ী বিখ্যাত ফৰাচী ছবি পৰিচালক লুই মালে ফেণ্টম ইণ্ডিয়াৰ এখন ডকুমেণ্টৰী ছিৰিজত ইন্দিৰা পি পি বৰাৰ এঘণ্টাজোৰা ভাৰতনাট্যমৰ শ্বুটিং কৰি দেশে–বিদেশে প্রচাৰ কৰিছিল৷

You might also like