নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: আর্থিক দিশত বাধাগ্রস্ত হ’ব৷ কোনো শুভ কথাত মন আনন্দিত হ’ব৷ শুভ ৰং কমলা৷ আপোনাৰ যাত্রা শুভ৷

বৃষ: দিনটো উন্নত হ’ব৷ কর্মত বাধা আছে৷ শিৱৰ মন্ত্র জপ কৰিব৷ পাতল ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ শুভ ৰং পাতল নীলা৷

মিথুন: কোনো বিশেষ কামত সফল হ’ব৷ শৰীৰৰ প্রতি হেলা নকৰিব৷ সন্ধিয়া ৬ বজাৰ পিছত যাত্রা নকৰিব৷ আপোনাৰ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷

কর্কট: ব্যৱসায়–বাণিজ্যত উন্নতি৷ যোগাযোগত খুব বেয়া নহয়৷ ৰঙা ৰং শুভ৷ ৰঙা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু ৰঙা সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই ল’ব৷ যাত্রা শুভ৷ শুভ সংখ্যা ২৷

সিংহ : সন্তানৰ ওপৰত সতর্কতাৰ প্রয়োজন৷ যাত্রা কৰিলে চাই–চিতি কৰিব৷ শুভ ৰং সেউজীয়া৷ পাৰিবাৰিক অশান্তিত ভুগিব৷

কন্যা: শিল্পীসকলে কর্মত সফলতা লাভ কৰিব৷ দিনৰ ১২ বজাৰ পিছত যাত্রা কৰিলে যাত্রা শুভ হ’ব৷ হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৭৷ শুভ ৰং নীলা৷

তুলা: সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব৷ বিদ্যার্থীসকলৰ শুভ৷ দিনটোত এবাৰ বগা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰত যাব৷ যাত্রা শুভ হ’ব৷ শুভ সংখ্যা ৩৷

বৃশ্চিক: কামত সফলতা লাভ কৰিব৷ আজি যাত্রা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যাত্রাৰ বাবে দিনটো শুভ৷ শুভ সংখ্যা ৮৷

ধনু: ব্যৱসায়ত অনুকূল প্রভাৱ পৰিব৷ পাৰিবাৰিক ক্ষেত্রতো দিনটো শুভ৷ যাত্রাত মেৰুণ ৰং ব্যৱহাৰ কৰিব৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ১৷

মকৰ: কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতবিৰোধ৷ প্রেমত আনন্দ৷ যাত্রা নকৰাই ভাল৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷

কুম্ভ: বন্ধুবর্গৰ লগত সু–সম্পর্ক স্থাপন৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব৷ শুভ সংখ্যা ২৷

মীন: কর্মত কঠোৰ পৰিশ্রমৰ অন্তত লাভৰ মুখ দেখা পাব৷ দাম্পত্যত মতবিৰোধ হ’ব পাৰে৷ যাত্রা কৰিলে পাতল হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব৷ শুভ সংখ্যা ৯৷

You might also like