নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ গ্রেপ্তাৰ হোৱা জিএমচিৰ মুখ্য অভিযন্তা ইন্দ্রজিৎ বৰাৰ বাসগৃহত কোটি টকাৰ সম্পত্তিৰ পাহাৰ

 

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: দুর্নীতি নিবাৰক শাখাই ৰাজ্যৰ চৰকাৰী কার্যালয়ে কার্যালয়ে অভিযান তীব্রতৰ কৰি তোলাৰ পিছতো একাংশ দুর্নীতিগ্রস্ত চৰকাৰী বিষয়া–কর্মচাৰীয়ে বন্ধ কৰা নাই দুর্নীতি৷ এইবাৰ ৬ হাজাৰ টকা উৎকোচ লৈ দুর্নীতি নিবাৰক শাখাৰ জালত পৰিছে গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্রজিৎ বৰা৷ এগৰাকী ঠিকাদাৰৰ পৰা কামৰ বিনিময়ত ১০ হাজাৰ টকা উৎকোচ বিচাৰি নিজ কার্যালয়ত ৬ হাজাৰ টকা লোৱাৰ সময়তে ভিজিলেঞ্চ এণ্ড এণ্টী কৰাপচন সঞ্চালকালয়ৰ কার্যালয়ৰ এটা অভিযানকাৰী দলে মুখ্য অভিযন্তা ইন্দ্রজিৎ বৰাক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ দুর্নীতি নিবাৰকৰ দলটোৱে  গুৱাহাটীস্থিত নিজ কার্যালয়ত দুর্নীতিত পোত খোৱা জিএমচিৰ মুখ্য অভিযন্তা ইন্দ্রজিৎ বৰাক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁৰ কার্যালয়ৰ বহু ফাইল আৰু নথি–পত্র জব্দ কৰি তন্ন তন্নকৈ পৰীক্ষা কৰে৷ পৰৱর্তী সময়ত দুর্নীতিগ্রস্ত অভিযন্তাগৰাকীক লগত লৈ দুর্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে তেওঁৰ হাতীগাঁওস্থিত বাসভৱনত অভিযান চলায়৷ হাতীগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই ইন্দ্রজিৎ বৰাৰ বাসগৃহৰ পৰা দুর্নীতি নিবাৰক শাখাৰ দলটোৱে নগদ ৬ লাখ ৯৩ হাজাৰ ৬০০ টকা জব্দ কৰে৷

তদুপৰি দুর্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযন্তা বৰাৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথিপত্র আৰু ফাইল জব্দ কৰে৷ দুর্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযন্তাগৰাকীৰ বাসগৃহৰ পৰা তেওঁৰ পত্নীৰ নামত থকা এ এছ ০১–ই এফ ৭৪০৩ নম্বৰৰ এখন অ’ডি বাহন, ২০টা বেংক একাউণ্ট আৰু এখন ইন’ভা বাহনৰ নথিপত্র জব্দ কৰে৷ দুর্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযন্তা বৰাৰ হাতীগাঁওস্থিত বাসগৃহত অভিযান চলোৱাৰ পিছত তেওঁৰ নামত থকা গেম ভিলেজৰ ফ্লেটত অভিযান চলায়৷ অভিযান কালত আৰক্ষীয়ে ফ্লেটৰ পৰা ০.২২ এম এম এটা পিষ্টল আৰু ১০ জাঁই সক্রিয় গুলী উদ্ধাৰ কৰাৰ উপৰি বহু ফাইল জব্দ কৰে৷ ইন্দ্রজিৎ বৰাৰ গেম ভিলেজৰ ফ্লেটৰ পিছত দুর্নীতি নিবাৰক শাখাৰ দলটোৱে তেওঁৰ পূব শৰণীয়াৰ বাসগৃহতো অভিযান চলায়৷ পিছত দুর্নীতি নিবাৰক শাখাই তেওঁক শ্রীমন্তপুৰস্থিত মুখ্য কার্যালয়লৈ লৈ যায়৷

ঘটনা সন্দর্ভত দুর্নীতি নিবাৰক শাখাই ১৭/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তাগৰাকীয়ে তিনি মাহ পূর্বে জিএমচি কার্যালয়ত যোগদান কৰিছিল৷ তেওঁ নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ লগতে গুৱাহাটী মহানগৰীৰ কেইবাঠাইতো ভূমি ক্রয় কৰাৰ উপৰি কেইবাখনো বিলাসী বাহন তেওঁৰ পত্নী আৰু আত্মীয়ৰ নামত ক্রয় কৰা বুলি জানিব পৰা গৈছে৷ এই সন্দর্ভত তদন্তৰ পিছত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি দুর্নীতি নিবাৰক শাখাৰ এটা সূত্রই জানিবলৈ দিছে৷

You might also like