নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ দেশত ক’ভিড সংক্রমণ বৃদ্ধি: উদ্বিগ্ন কেন্দ্রীয় চৰকাৰ

  • এদিনতে আক্রান্ত ১১৩৪জন, ৫জনৰ প্রাণহানি
  • পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ উচ্চস্তৰীয় বৈঠকত যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ প্রধানমন্ত্রী মোদীৰ

 

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: দেশত পুনৰ ক’ভিড সংক্রমণ বৃদ্ধি পাবলৈ লৈছে৷ ক’ভিড–১৯ অতিমাৰীত আক্রান্ত লোকৰ সংখ্যা একেৰাহে কেইবাদিনো ধৰি বৃদ্ধি পাই থকাৰ বাবেই দেশৰ ক’ভিড পৰিস্থিতিক লৈ আজি জৰুৰী বৈঠক আহ্বান কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আজি বিয়লি অনুষ্ঠিত এই গুৰুত্বপূর্ণ বৈঠকত ক’ভিড প্রতিৰোধৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ লগতে শীর্ষ আমোলাসকলক আহ্বান জনায়৷ পৰীক্ষাগাৰসমূহত ক’ভিড পৰীক্ষা ক্ষিপ্রতৰ কৰাৰ লগতে গুৰুতৰভাৱে শ্বাস–প্রশ্বাসত কষ্ট পোৱা লোকসকলৰ জেনম ছেকুৱেনছিং ব্যৱস্থাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে মোদীয়ে৷

ইফালে দেশৰ ইনফ্লুৱেঞ্জা পৰিস্থিতি সন্দর্ভতো বুজ লয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিগত কেইমাহমান ভিতৰত দেশত এইচ ১ এন ১ আৰু এইচ ৩ এন ২ত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ মাজতে ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোত উদ্বেগ প্রকাশ কৰে প্রধানমন্ত্রী মোদীয়ে৷ উল্লেখনীয় যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ১,১৩৪ গৰাকী লোক৷ বিগত ১৩৮ দিন পিছত প্রথমবাৰলৈ আক্রান্তৰ সংখ্যাই ১,১০০ অতিক্রম কৰিছে৷ ইফালে এই সময়ছোৱাত ক’ভিড আক্রান্ত পাঁচগৰাকী লোকে প্রাণ হেৰুৱাইছে৷

স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা বর্তমান ৭০২৬গৰাকী৷ লক্ষণীয়ভাৱে হাস্পতালসমূহত ক’ভিডৰ মোকাবিলা কৰিবলৈ মকড্রিল ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে স্বাস্থ্য বিভাগে৷ আজি এই গুৰুত্বপূর্ণ বৈঠকৰ পূর্বে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দেশৰ ছয়খন ৰাজ্যক ক’ভিড পৰিস্থিতি সন্দর্ভত সতর্ক হ’বলৈ নির্দেশ দিছিল৷ আজি প্রধানমন্ত্রী মোদীয়ে অধ্যক্ষতা কৰা এই বৈঠকত উপস্থিত থাকে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাৰিয়া, কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ, নিটি আয়োগৰ সদস্যসহ স্বাস্থ্য মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়াসকল৷

You might also like