নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশা কৰাৰ দৰে ৰাজ্যত হ্রাস হোৱা নাই সংক্রমণঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ সুখী নহয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত সৰুসজাইত ডি আৰ ডি অ’ই নির্মাণ কৰা ৩০০খন বিছনাযুক্ত ক’ভিড হাস্পতালখন শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰি কয় যে ক’ভিডৰ সংক্রমণ যিদৰে হ্রাস পাব লাগিছিল, সেইদৰে হ্রাস পোৱা নাই৷ সংক্রমণ হ্রাসৰ পৰিমাণ আৰু অধিক দ্রুত হ’ব লাগিছিল৷ সেয়ে ক’ভিড পৰিস্থিতিক লৈ বর্তমান ৰাজ্যখনত বাহাল থকা মিনি লকডাউনকে ধৰি বাধা–নিষেধ অহা ১৫ জুনৰ পাছতো অব্যাহত থকাৰ ইংগিত দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত কিছুমান জিলাৰ ক’ভিড পৰিস্থিতি ভাল হৈছে৷ সংক্রমণৰ হাৰ কমি আহিছে৷ যিবোৰ জিলাত ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী হৈছে, সেই জিলাসমূহত অহা ১৫ জুনৰ পাছত বাধা–নিষেধ কিছু শিথিল হ’ব৷ ইয়াৰ বিপৰীতে যিবোৰ জিলাত সংক্রমণৰ হাৰ বর্তমানৰ দৰে অব্যাহত থাকিব বা পৰিস্থিতি উন্নত নহ’ব, সেই জিলাসমূহত বর্তমানৰ বাধা–নিষেধ অহা ১৫ জুনৰ পাছতো বাহাল থাকিব৷

তেওঁ আৰু কয় যে বর্তমানৰ চৰকাৰখনে লকডাউন নিদিয়াকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ পদক্ষেপ লয়৷ মানুহৰ জীৱন আৰু জীৱিকা দুয়োটাৰে সামঞ্জস্য ৰাখি মাইক্র’ কনটেইনমেণ্ট ব্যৱস্থাৰে পৰিস্থিতি নিয়ন্ত্রণৰ ব্যৱস্থা কৰে৷ তাৰ বাবে পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ গতি কিছু লেহেম হৈছে যদিও চৰকাৰে জীৱন–জীৱিকা অব্যাহত ৰখাৰ ব্যৱস্থা কৰিছে৷

ইপিনে দুপৰীয়াৰ ভাগত খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমে সম্পূর্ণ লকডাউন নিদিয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট নিয়ন্ত্রণলৈ আনিছে৷ যোৱা সপ্তাহলৈ ৰাজ্যখনৰ ৯০ শতাংশ অঞ্চলত মূলতঃ গ্রামাঞ্চলত বিশেষ বাধা–নিষেধ নাছিল৷ তেওঁ আৰু কয় যে বর্তমানৰ চৰকাৰখনে যি সময়ত দায়িত্ব গ্রহণ কৰে, সেই সময়ত ৰাজ্যখনত দৈনিক গড়ে ৬,৫০০ লোক ক’ভিডত আক্রান্ত হৈছিল৷ পজিটিভিটীৰ হাৰ ৮ৰ পৰা ৯ শতাংশ আছিল৷ এতিয়া দৈনিক আক্রান্তৰ সংখ্যা ৩,৩০০লৈ নামি অহাৰ লগতে পজিটিভিটীৰ হাৰ ৩.৫ শতাংশলৈ নিম্নগামী হৈছে৷

যি সময়ত ৰাজ্যখনত দৈনিক ৬,০০০ লোক ক’ভিডত আক্রান্ত হৈছিল, সেইসকলৰ ভিতৰত ডিব্রুগড়, তিনিচুকীয়া, তেজপুৰ, কাছাৰ, নগাঁও, গুৱাহাটীৰে আছিল ৫,০০০ লোক৷ চৰকাৰে ক’ভিডে মহামাৰী ৰূপ ধাৰণ কৰা অঞ্চলসমূহত ব্যাপক হাৰত ভেকচিন প্রদানৰ ব্যৱস্থা কৰে৷ গুৱাহাটী মহানগৰীত বসবাস কৰা ১২ লাখ লোকৰ ভিতৰত তিনি লাখ লোক ১৮ বছৰৰ অনূর্ধ্বৰ৷ সেই অনুসৰি গুৱাহাটী মহানগৰীত বসবাস কৰা ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ ৯ লাখ লোকৰ ভিতৰত ৬ লাখ লোকেই ইতিমধ্যে প্রথম ড’জ ভেকচিন লাভ কৰিছে৷ অহা তিনি–চাৰি দিনৰ ভিতৰত মহানগৰীত প্রথম ড’জ ভেকচিন লাভ কৰা লোকৰ সংখ্যা ৭ লাখলৈ বৃদ্ধি পাব৷ শিলচৰত ভেকচিন প্রদান প্রায় সম্পূর্ণ হৈছে৷ নগাঁও, ডিব্রুগড়, তিনিচুকীয়া, যোৰহাটতো ভেকচিন প্রদান প্রায় শেষ হোৱাৰ পথত৷ অহা সপ্তাহৰ ভিতৰত ক’ভিডে মহামাৰীৰ ৰূপ ধাৰণ কৰা অঞ্চলসমূহত ভেকচিন দিয়াটো শেষ হ’ব৷ চাহ বাগিচা আৰু গ্রামাঞ্চলতো পূর্ণগতিত ভেকচিন দি থকা হৈছে৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ঘোষণা অনুসৰি অহা ২১ জুনৰ পৰা অসমতো সকলো লোকক ভেকচিন দিয়া আৰম্ভ হ’ব৷ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন দিয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ৫০ কোটি টকাৰ ভেকচিন ক্রয় কৰিছে৷ প্রধানমন্ত্রীয়ে এতিয়া ১৮ৰ ঊর্ধ্বৰ সকলো লোককে কেন্দ্রৰ তৰফৰ পৰা বিনামূলীয়াকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰাত ৰাজ্য চৰকাৰৰ ৬৫০ কোটি টকা ৰাহি হয়৷ নিটি আয়োগৰ সদস্য প’লে ইংগিত দিয়া অনুসৰি অহা ১ জুলাইৰ পৰা অসমে দৈনিক ৩.৫ লাখকৈ ভেকচিন লাভ কৰিব৷ সেই অনুসৰি অহা ১৫ আগষ্টৰ ভিতৰত অসমৰ ইচ্ছুক সকলো লোকে ভেকচিন লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

আনহাতে অক্সিজেনৰ প্রসংগত তেওঁ কয় যে ৰাজ্য চৰকাৰৰ আগতীয়া পৰিকল্পনাৰ বাবে অসমে আজি নিজাববীয়াকৈ অক্সিজেন উৎপাদন কৰি নিজৰ চাহিদা পূৰণ কৰাৰ লগতে উত্তৰ–পূবৰ চুবুৰীয়া ৰাজ্যলৈও অক্সিজেন যোগান ধৰি আহিছে৷ আনকি অক্সিজেন চিলিণ্ডাৰৰ ক’লা বজাৰ চলি থকাৰ সময়ত অসমে মণিপুৰৰ দৰে ৰাজ্যত চিলিণ্ডাৰ পর্যন্ত যোগান ধৰিছে৷ সকলো জিলা হাস্পতালতে অক্সিজেন প্লাণ্ট স্থাপনৰো ব্যৱস্থা কৰা হৈছে৷ সেইদৰে এইবাৰ ক’ভিডকালত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ৰিলায়েন্স, টাটা আদি কর্প’ৰেট গোষ্ঠীৰ লগতে এন আৰ এল, কেলকম, অইল ইণ্ডিয়া আৰু ৰাজ্যখনত থকা ৰাজহুৱা প্রতিষ্ঠানসমূহে উদাৰচিত্তে সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰিলায়েন্সে ১৫ কোটি, টাটাই ১৫ কোটি টকাকৈ বৰঙণি আগবঢ়াইছে৷ আগেয়ে অসমত কর্প’ৰেট গোষ্ঠীসমূহে এনেদৰে বৰঙণি দিয়া দেখা নগৈছিল৷ কণ কণ ল’ৰা–ছোৱালীয়েও এইবাৰ নিজৰ জন্ম দিৱসৰ দিনা ক’ভিড যুঁজৰ বাবে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে৷ এতিয়ালৈ চৰকাৰে এনেদৰে ১১৪ কোটি টকা লাভ কৰিছে৷ ইয়াৰে ৫০ কোটি টকা ভেকচিন ক্রয়ত ব্যয় হৈছে৷

বাকী টকা এতিয়া চৰকাৰে ক’ভিডত অনাথ হোৱা শিশু, বিধৱা মহিলাক ২.৫ লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ লগতে শিশুৰ বাবে এহাজাৰটা আই চি ইউ স্থাপনত ব্যয় কৰিব৷ সেইদৰে এই ক’ভিড কালতেই এম এম চি এইচত ৬০খন, জি এম চি এইচত ৭৬খন, শিলচৰ মেডিকেল কলেজ হাস্পতালত ৬০খন, যোৰহাট মেডিকেল কলেজ হাস্পতালত ৪০খন, বৰপেটা মেডিকেল কলেজ হাস্পতালত ৩২খন, লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ৬খন, ডিফু মেডিকেল কলেজ হাস্পতালত ১২খন আই চি ইউ আৰু অক্সিজেন সংলগ্ন বিছনা স্থাপন কৰাৰ বিষয়েও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like