নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনফ্লুৱেঞ্জাৰ পৰা সাৱধান হ’বলৈ ৰাজ্যলৈ পত্র কেন্দ্রীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১২ মার্চ: ঋতু পৰিৱর্তনৰ ফলত একাধিক ৰোগৰ প্রকোপ বৃদ্ধি পাইছে সমগ্র দেশত৷ বিশেষকৈ ইনফ্লুৱেঞ্জা আৰু শ্বাসকষ্টজনিত ৰোগে আক্রান্ত কৰিছে বহু লোকক৷ শিশুসকলৰ ভিতৰত এইবোৰ ৰোগৰ প্রভাৱ বেছি৷ আনকি এডিনো ভাইৰাছত আক্রান্ত বহু শিশুৰ মৃত্যুও হৈছে৷ এনে পৰিস্থিতিক লৈ উদ্বিগ্ণ কেন্দ্রীয় চৰকাৰ৷ কেন্দ্রীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তৰফৰ পৰ ইনফ্লুৱেঞ্জা আৰু শ্বাসকষ্টজনিত ৰোগৰ পৰা সাৱধান থাকিবলৈ প্রতিখন ৰাজ্যক সতর্ক কৰা হৈছে৷ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিব, স্বাস্থ্য সচিবসকললৈ পত্র প্রেৰণ কৰিছে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে৷ উল্লেখ্য যে এইচ৩এন২ ভাইৰাছেও দেশৰ বিভিন্ন স্থানত ক্রমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে৷

You might also like