নিয়মীয়া বাৰ্তা, যোগীঘোপা, ২২ ছেপ্টেম্বৰ : জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত কেতবোৰ অপমানজনক মন্তব্য কৰি অৱশেষত ৰাইজৰ ৰোষত পৰে যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰাৰ এজন যুৱক । ৰাইজৰ অভিযোগৰ ভিত্তিত নিশা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক । গ্ৰেপ্তাৰ কৰা যুৱকজন যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰাৰ আব্দুল জলিলৰ পুত্ৰ আনিছুৰ ৰহমান (১৯) বুলি জানিব পৰা গৈছে ।
যুৱকজনে কালি দিনৰ ভাগত প্ৰিয় শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল । যুৱকজনৰ উক্ত মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে জুবিন অনুৰাগী তথা ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক অৱগত কৰাৰ লগতে কালি সন্ধিয়া যুৱকজনক বিচাৰি অঞ্চলটোৰ বহুসংখ্যক লোক যুৱকজনৰ বাসগৃহত উপস্থিত হয় । লগে লগে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰে । যুৱকজনক থানালৈ লৈ অহাৰ পিছতে থানা চৌহদত বহুসংখ্যক লোক উপস্থিত হৈ যুৱকজনক উচিত শাস্তিৰ দাবী জনাই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ইতিমধ্যে আৰক্ষীয়ে থানাত এটি গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস