নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ৫ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উন্মোচন প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি প্ৰায় ৫ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উন্মোচন কৰে। আজি পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে হোলংগীৰ ডনী প’লো বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্টাৰেৰে ইটানগৰৰ ৰাজভৱনত  উপস্থিত হয়।

দুপৰীয়া ৰাজধানী ইটানগৰৰ সমীপৰ ইন্দিৰা গান্ধী পাৰ্কত উপস্থিত হৈ  ৰাজ্যখনৰ উন্নয়নমূলক প্ৰকল্পসমূহ উন্মোচন কৰি ৰাজহুৱা সমাৱেশত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে কংগ্ৰেছ চৰকাৰে সকলো বস্তু ব্যয়বহুল হৈ পৰাৰ সময়তো কৰ বৃদ্ধি কৰি ৰাখিছিল। আনহাতে দেওবাৰে দেশত তেওঁৰ নেতৃত্বত প্ৰৱৰ্তিত জি এছ টি সংস্কাৰৰ শেহতীয়া সংস্কাৰৰ প্ৰশংসা কৰে । লগতে ২০১৪ চনত ক্ষমতালৈ অহাৰ সময়ত কংগ্ৰেছৰ মানসিকতাৰ পৰা দেশক মুক্ত কৰাৰ সংকল্প লোৱা বুলি কৈ তেওঁ কয়- অৰুণাচলত মাত্ৰ দুখন লোকসভাৰ আসন থকা বাবে কংগ্ৰেছে অৱহেলা কৰিছিল। এই মানসিকতাই বহু ক্ষতিসাধন কৰিছিল আৰু উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনক পিছ পেলাই থৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৫১০০ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উন্মোচন কৰে । তেওঁ কাৰ্যতঃ শ্বি যোমি জিলাৰ দুটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু টাৱাঙত এটা কনভেনচন চেণ্টাৰ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সংযোগ, স্বাস্থ্য আৰু অগ্নি সুৰক্ষাকে ধৰি বিভিন্ন খণ্ডৰ প্ৰতি লক্ষ্য ৰাখি ১২৯০ কোটিৰো অধিক মূল্যৰ আন কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পও আৰম্ভ কৰে। এই অনুষ্ঠানত ৰাজ্যপাল কে টি পাৰ্নাইক, মুখ্যমন্ত্ৰী পেমা খাণ্ডু ,অৰুণাচল মন্ত্ৰীসভাৰ বহুকেইজন মন্ত্ৰী, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকে। মোদীয়ে টাটো-আই আৰু হেও জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১৮৬ মেগাৱাট ক্ষমতাসম্পন্ন টেটো-আই প্ৰকল্পটো অৰুণাচল চৰকাৰ আৰু নৰ্থ ইষ্টাৰ্ন ইলেক্ট্ৰিক পাৱাৰ কৰ্প’ৰেচন লিমিটেড (NEEPCO)ৰ যৌথভাৱে ১৭৫০ কোটি টকাৰ প্ৰকল্প উদঘাটন কৰে।  বছৰি প্ৰায় ৮০২ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন হোৱাৰ সম্ভাৱনা আছে। তদুপৰি ৰাজ্য চৰকাৰ আৰু নীপকোৱেও ১,৯৩৯ কোটি টকাৰে ২৪০ মেগাৱাট শক্তিৰ হেও প্ৰকল্পটো উন্মোচন কৰে। এই প্ৰকল্পৰ পৰা প্ৰতি বছৰে ১০০০ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন হোৱাৰ সম্ভাৱনা আছে। ১৪৫.৩৭ কোটি টকাৰে নিৰ্মাণ কৰা টাৱাঙত এটা কনভেনচন চেণ্টাৰো উদ্বোধন কৰে মোদীয়ে। ১৫০০ৰো অধিক লোকক আতিথ্য দিয়াৰ ক্ষমতাৰে বিশ্বৰ মান পূৰণ কৰিব আৰু অঞ্চলটোৰ পৰ্যটন আৰু সাংস্কৃতিক সম্ভাৱনাক সজীৱ কৰিব। প্ৰধানমন্ত্ৰীয়ে ১২৯০ কোটিৰো অধিক মূল্যৰ একাধিক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ কৰে।  যোগাযোগ, স্বাস্থ্য আৰু অগ্নি সুৰক্ষাকে ধৰি বিভিন্ন খণ্ডক সামৰি ল’ব এই প্ৰকল্প আচঁনিয়ে।

প্ৰেৰক মুকুল ভূঞা
You might also like