নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাক আইপিএলত নিষিদ্ধৰ দাবী

ডিজিটেল ডেস্ক, ৪ এপ্রিল : দিল্লী কেপিটেলছৰ হাতত পৰাজয় হোৱাৰ পিছত আইপিএলত পুনৰ উন্মোচিত হ’ল পুৰণি ছবি৷ লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই দলৰ অধিনায়ক ঋষভ পণ্ট আৰু মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰৰ সৈতে উত্তপ্ত বাৰ্তালাপৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ উক্ত ঘটনাৰ পিছত আইপিএলৰ প্রতিষ্ঠাপক ললিত মোদীয়ে সঞ্জীৱ গোৱেংকাক কঠোৰ সমালোচনা কৰে৷

বিষয়টোক লৈ ললিত মোদীয়ে টুহট কৰি কয় যে ফুটবলত দলৰ মালিকে খেলুৱৈসকলৰ প্রতি সন্মান, দীর্ঘম্যাদী চিন্তা আৰু পেছাদাৰিতা প্রদর্শন কৰে৷ আনহাতে, আইপিএলত মালিকসকলে পৰাজয়ৰ পিছত বাউণ্ডেৰীত অধিনায়কৰ সৈতে তর্ক কৰে, প্রচাৰ আৰু শিৰোনামক অগ্রাধিকাৰ দিয়ে৷

প্রাক্তন ইংৰাজ ক্রিকেটাৰ মাইকেল ভ’নৰ এটা পোষ্ট ৰিটুহট কৰি তেওঁ লিখিছে- ‘মই অনুৰাগী আৰু খেলুৱৈৰ বাবে আইপিএল সৃষ্টি কৰিলোঁ৷ প্রতি বছৰে এনে ঘটনা ঘটাটো মই কেতিয়াও বিচৰা নাছিলোঁ৷ মই যদি চেয়াৰমেন হৈ থাকিলোঁহেঁতেন তেতিয়াহ’লে তেওঁক নিষিদ্ধ কৰি দিলোঁহেঁতেন৷ মই নিশ্চিত কৰিলোঁহেঁতেন যে তেওঁ কোনো দলৰ মালিক নহয়৷ সকলো ফ্রেনছাইজীৰ চুক্তিত এটা চর্ত আছে৷ য’ত কোৱা হয় যে খেলৰ অখণ্ডতা প্রথম৷ বিচিচিআয়ে সেই চর্ত কার্যকৰী কৰিব লাগে৷’

উল্লেখ্য যে বুধবাৰে লক্ষ্ণৌত অনুষ্ঠিত আইপিএলৰ মেচখনত ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে দিল্লী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাস্ত হোৱাৰ পিছত লক্ষ্ণৌ দলটোৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাই খেলৰ অন্তত ৰাজহুৱাভাৱে দলটোৰ অধিনায়ক ঋষভ পণ্ট আৰু মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰৰ ওপৰত নিজৰ ক্ষোভ প্রকাশ কৰে৷

You might also like