নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPLত নেট বলাৰ হিচাপে স্থান লাভ অসমৰ চাৰি যুৱ ক্ৰিকেটাৰৰ

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: অসমৰ চাৰি যুৱ ক্ৰিকেটাৰ নিৰ্বাচিত হৈছে ডুবাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আই পি এল ছিজনৰ বাবে । ডুবাইত অনুষ্ঠিত হোৱা আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে অসমৰ এই চাৰি যুৱ ক্ৰিকেটাৰে ।

ৰাজস্থান ৰয়েলছে নগাঁৱৰ ৰাইদঙীয়াৰ মৃন্ময় দত্ত, লখিমপুৰৰ জিতুমনি কলিতা, শিলচৰৰ ৰাহুল সিঙক নিৰ্বাচন কৰিছে আনহাতে হাইদৰাবাদ চানৰাইজাৰ্চে নিৰ্বাচিত কৰিছে ডিব্ৰুগড়ৰ মুখতাৰ হুচেইনক ।

You might also like