নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৃহৎ অভিযান ৫ হাজাৰ লিটাৰ চোৰাং পেট্ৰল-ডিজেল, ২ মহিলা আটক

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত আৰক্ষীৰ এক অভিযানকাৰী দলে আজি মৰিগাঁও চহৰৰ সমীপৰ দল বাৰীত এক অভিযান চলাই তিনিটা পৃথক গৃহৰ পৰা ১২৬০ বটল নিষিদ্ধ নিচাযুক্ত ঔষধ , ৫ হাজাৰ লিটাৰ চোৰাং পেট্ৰল ডিজেল আৰু ভেজাল তেল প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰৱ্য আৰু নগদ ২লাখ ৬৯ হাজাৰ টকা জব্দ কৰাৰ লগতে ঘটনা সংক্ৰান্তত দুগৰাকী মহিলাক আটক কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি বিশেষ খবৰৰ ভিত্তিত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা , অতিৰিক্ত আৰক্ষী অধীক্ষক শোভাষীস বৰুৱা আৰু মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত পুৱতি নিশা ডলবাৰীৰ মুন্না নামৰ কুখ্যাত যুৱক জনৰ ঘৰ ত অতৰ্কিটে পুৱতি নিশা অভিযান চলোৱা হৈ আৰু মাটিৰ তলত পুতি থোৱা অৱস্থাত ১২৬০ বটল নিচাযুক্ত ঔষধ আৰু নগদ ২ লাখ ৬৯ হাজাৰ টকা জব্দ কৰা হয়। তাৰ পিছতে আৰক্ষীৰ দল টোৱে সমীপৰ ৰাজীৱ আলিৰ ঘৰত অভিযান চলাই প্রায় ৫হাজাৰ লিটাৰৰো অধিক চোৰাং পেট্ৰল- ডিজেল আৰু ভেজাল তেল প্ৰস্তুত কৰা বহু পৰিমাণৰ ৰাসায়নিক দ্ৰৱ্য জব্দ কৰে। দুইটা অভিযানত দুই অপৰাধী পলাই সাৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে দুগৰাকী মহিলাক আটক কৰিছে।

আনহাতে পুৱাৰ ভাগত জোন নামৰ নামৰ আন এজন যুৱকৰ ঘৰত অভিযান চলাই প্ৰায় ২০০ লিটাৰ চোৰাং পেট্ৰল জব্দ কৰিবলৈ সক্ষম হয়। অভিযান সমাপ্ত কৰি আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই কৈ যে নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ নিয়া নিচাযুক্ত ঔষধ আৰু ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী প্ৰশাসনে শূণ্য সহণশীলতা নীতিৰে অভিযান অব্যাহত ৰাখিব। আনহাতে মৰিগাঁও জিলাত চলি থকা চোৰাং পেট্ৰল ডিজেল আৰু ভেজাল তেলৰ লগত জড়িত প্ৰতিজন অপৰাধী আৰু এনে চোৰাং তেল সৰবৰাহ কৰা বাহন সমূহৰ ৰেজিষ্ট্ৰেচন বাতিল কৰা হব বুলি ঘোষণা কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে।

You might also like