নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্পায়াৰৰ ওপৰত চাপ সৃষ্টি কৰে ভাৰতীয় ক্ৰিকেটাৰে

বিশেষ বাৰ্তা, ১৭ জুনঃ বিৰাট কোহলি, ৰোহিত শর্মাহঁতক কাঠগৰাত থিয় কৰালে ভাৰতীয় আম্পায়াৰে৷ দেশৰ মাটিত খেল অনুষ্ঠিত হ’লেই হেনো ভাৰতৰ তাৰকা ক্রিকেটাৰসকলে আম্পায়াৰৰ ওপৰত প্রবল চাপ সৃষ্টি কৰে৷ এই অভিযোগ নীতিন মেননৰ৷ যিকোনো সিদ্ধান্ত নিজৰ পক্ষত নিবৰ বাবে ৰোহিত, কোহলিহঁতে আম্পায়াৰক বাধ্য কৰায় বুলি মন্তব্য কৰিছে আই চি চিৰ এলিট পেনেলত থকা ভাৰতীয় আম্পায়াৰগৰাকীয়ে৷ উল্লেখ্য যে চলিত এছেজ শৃংখলাত আম্পায়াৰিং কৰিব নীতিনে৷ তাৰ পূর্বে সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ভাৰতীয় ক্রিকেটাৰসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে তেওঁ৷ নীতিনে কয়– ‘ভাৰতে দেশৰ মাটিত মেচ খেলিবলৈ নামিলে, তাক লৈ যথেষ্ট চর্চা হয়৷ কাৰণ ভাৰতীয় দলত বহুসংখ্যক তাৰকা খেলুৱৈ আছে৷ তেওঁলোকে সকলো সময়তে আম্পায়াৰক চাপত ৰাখিব বিচাৰে৷ যিকোনো ৫০–৫০ সিদ্ধান্ত নিজৰ পক্ষত নিবলৈ চেষ্টা কৰে৷ কিন্তু আমি নিজকে নিয়ন্ত্রণত ৰাখিলে তেওঁলোকে কি কৰিছে তাক লৈ বিশেষ ভাবিবলগীয়া নহয়৷’ উল্লেখ্য যে বিশ্ব টেষ্ট ফাইনেলতো ভাৰতৰ অধিনায়ক ৰোহিত শর্মাই আম্পায়াৰৰ সৈতে তর্কত লিপ্ত হোৱা দেখা গৈছিল৷ শুভমন গিলক বিতর্কিত কেচত আউট দিয়াৰ পিছত বাদানুবাদত জড়িত হৈ পৰে তেওঁ৷ অথচ ‘ছফট ছিগনেল’ উঠি যোৱাৰ পিছত এনেধৰণৰ ক্ষেত্রত খেলপথাৰত থকা আম্পায়াৰৰ কৰিবলগীয়া একো নাথাকে৷ তথাপি ৰোহিতহঁতে তেওঁৰ সৈতে তর্কত লিপ্ত হয়৷ আম্পায়াৰৰ সৈতে বাক–বিতণ্ডাৰ ক্ষেত্রত সকলোৰে আগত আছে বিৰাট কোহলি৷ তেওঁ কিমানবাৰ আম্পায়াৰৰ লগত তর্ক কৰিছে তাৰ হিচাপ নাই৷ যোৱাবাৰৰ টি–২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এখন মেচৰ অন্তিম অ’ভাৰত ন’ বলক কেন্দ্র কৰি ক্ষুব্ধ হৈ পৰিছিল কোহলি৷ আম্পায়াৰে প্রথমতে ন’ বল দিয়া নাছিল৷ কিন্তু কোহলিৰ হেঁচাত ন’ বল দিবলৈ বাধ্য হয়।

You might also like