নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চাকৰিৰ নামত ধন সংগ্ৰহ কৰা এজন প্ৰবঞ্চক গ্ৰেপ্তাৰ

মন্ত্ৰীৰ ঘনিষ্ঠ বুলি চিনাকী দি সৰকালে বৃহৎ পৰিমাণৰ ধন

নিয়মীয়া বাৰ্তা  ১৪ আগষ্ট : নগাঁৱত সক্ৰিয় হৈ আছে চৰকাৰী চাকৰি প্ৰদানৰ নামত প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা একাংশ প্ৰবঞ্চক । এই প্ৰবঞ্চক চক্ৰটোৱে টাৰ্গেট কৰি লয় একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক। প্ৰাপ্ত অভিযোগ অনুসৰি, চাকৰি দিয়াৰ নামত নিজকে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ঘনিষ্ঠ বুলি চিনাকি দি দালালৰূপী প্ৰবঞ্চকৰ এটা দলে সৰকালে কেবা লক্ষাধিক টকা। বিগত মাহত জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত হোজাই আৰক্ষী থানাৰ অন্তৰ্গত আশী নগৰৰ মতলেব আলি নামৰ ব্যক্তি জনৰ পৰিয়ালকে ধৰি চাৰি গৰাকী শিক্ষিত যুৱকৰ পৰা অতি কৌশলেৰে সৰকালে প্ৰায় ১৬ লাখ টকা। অৱশেষত চাকৰি দিয়াতো দূৰৰে কথা প্ৰৱঞ্চক চক্ৰটোৱে মবাইল ফনো ৰিচিভ নকৰে। আনকি প্ৰবঞ্চক চক্ৰটোৱে ভুক্তভোগী ব্যক্তি কেইগৰাকীৰ পৰা পলাই ফুৰে। উল্লেখ্য ধন লোৱাৰ সময়ত প্ৰৱঞ্চক চক্ৰটোৱে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখিছিল। অৱশেষত ভুক্তভোগী ব্যক্তি কেইগৰাকীৰ পৰা ধন সংগ্ৰহ কৰাৰ সময়ত ব্যৱহাৰ কৰা এ এছ ০২ ভি ৬৮৩৫ নম্বৰৰ গাড়ী খন কালি নগাঁও চহৰত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ী খন জব্দ কৰাৰ লগতে প্ৰবঞ্চক চক্ৰটোৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও মুল প্ৰৱঞ্চকটোৰ সন্ধান লাভ কৰা নাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চকটো হল ৰূপহী অঞ্চলৰ আকিব আলি। এই সন্দৰ্ভত মতলেব আলিয়ে দক্ষিণ আশী নগৰৰ মফিজ উদ্দীন আৰু চামগুৰি বাজিয়া গাঁৱৰ চৰিফুলৰ বিৰুদ্ধে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। এই প্ৰবঞ্চক চক্ৰটোৰ লগত আন কেইবাজনো লোক জড়িত আছে। আৰক্ষীয়ে ইতিমধ্যে মতলেব আলিৰ এজাহাৰৰ ভিত্তিত ১৯২৪/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি প্ৰৱঞ্চক কেইটাক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

You might also like