নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন্তে অগ্ণিদগ্ধ হৈ মৃত্যু তিনি দেৱশিশুৰ

মৰাণত মর্মান্তিক ঘটনা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ শুকুৰবাৰে ডোমৰ দলং বাগিচাত সংঘটিত এক হূদয়বিদাৰক ঘটনাই চৰাইদেউ জিলাৰ সকলোৰে চকু সেমেকাই তুলিছে৷ জিলাখনৰ মাহমৰা বিধানসভা সমষ্টিৰ মৰাণৰ নিকটৱর্তী চেপন আৰক্ষী চকীৰ অন্তর্গত ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা শাখাৰ বাৰ নম্বৰ লাইনত আজি পুৱা সংঘটিত এক অগ্ণিকাণ্ডৰ ঘটনাত তিনিটি দেৱশিশু জীৱন্তে অগ্ণিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই সর্বত্র শোকৰ ছাঁ পেলাইছে৷ঘটনা সন্দর্ভত জানিব পৰা মতে, বাগিচাখনৰ বৰুৱাহোলা শাখাৰ বাৰ নম্বৰ লাইন নিৱাসী দীনেশ মুণ্ডাৰ দুবছৰীয়া পুত্র বিভান মুণ্ডা, পুতনু মুণ্ডাৰ পাঁচ বছৰীয়া পুত্র অনুজ মুণ্ডা আৰু বেনাম কৰোৱাৰ আঢ়ৈ বছৰীয়া পুত্র কহিনুৰ কৰোৱাই পথাৰৰ মাজত খেতি চপোৱাৰ কামত ব্যৱহাৰ কৰা এটা খেৰৰ টঙী ঘৰত খেলি থকা অৱস্থাত ঘৰটোত হঠাতে অগ্ণিকাণ্ডৰ সূত্রপাত ঘটে৷ শিশুকেইটাই খেৰী ঘৰটোত কেটেপা মাৰিবলৈ মাটিৰ গুলী তৈয়াৰ কৰি আছিল৷

উল্লেখ্য যে গুলীসমূহ অধিক টান কৰিবলৈ জুইত পুৰি থাকোঁতেই অসাৱধানবশতঃ ঘৰটোত জুইৰ সূত্রপাত ঘটে৷ জুইৰ লেলিহান শিখাই নিমিষতে ঘৰটো আগুৰি ধৰাত ঘৰটোৰ ভিতৰত উক্ত তিনিটি শিশু আবদ্ধ হৈ পৰে৷ অৱশ্যে ঘৰটোৰ ভিতৰত থকা আন এটি শিশুক স্থানীয় এজন যুৱকে ঘৰটোৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ বিধ্বংসী অগ্ণিকাণ্ডৰ ফলত ঘৰটোৰ ভিতৰত আবদ্ধ হৈ পৰা উক্ত তিনিওটি শিশু অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷ শুকুৰবাৰে দিনৰ প্রায় ১০.৩০ বজাত সংঘটিত ঘটনাটোৰ খবৰ পাই চেপন, মৰাণ থানাৰ আৰক্ষীৰ লগতে চৰাইদেউ জিলা আৰক্ষী আৰু প্রশাসনৰ উচ্চস্তৰীয় দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ ইফালে ঘটনাৰ খবৰ পাই মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী যোগেন মহন ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ঘটনাস্থলীত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দেৱেন ওৰাঙকে ধৰি আটছা, আছুৰ প্রতিনিধিৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে৷

You might also like