অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চ (STF)য়ে জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বৰপেটাৰ এজন কাপোৰ দোকানৰ মালিকক গ্ৰেপ্তাৰ কৰিছে।
শুকুৰবাৰে নিশা চলোৱা এই অভিযানটো এছটিএফ, বৰপেটা আৰক্ষী আৰু বৰপেটাৰোড আৰক্ষীৰ যৌথ প্ৰচেষ্টাত সম্পন্ন কৰা হয়।
গ্ৰেপ্তাৰ কৰা লোকজনক মুস্তাফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। তেওঁ বৰপেটাৰোড চহৰৰ আজাদ নগৰ অঞ্চলৰ বাসিন্দা।
তদন্তত প্ৰকাশ পাইছে যে ৰহমানে স্থানীয় ব্যৱসায়ী হিচাপে সাধাৰণ জীৱন যাপন কৰি আছিল। বৰপেটাৰোড চহৰত অৱস্থিত বৰপেটাৰোড জামে মছজিদৰ সন্মুখত তেওঁৰ এখন কাপোৰৰ দোকান আছে।
অভিযানৰ সময়ত আৰক্ষীয়ে অভিযুক্তজনৰ ব্যৱহৃত এখন লেপটপ আৰু দুটা মোবাইল ফোনসহ কেইবাটাও সন্দেহজনক সামগ্ৰী জব্দ কৰে।
গ্ৰেপ্তাৰৰ পিছত অধিক জেৰাৰ বাবে অভিযুক্তজনক গুৱাহাটীলৈ লৈ অহা হৈছে।
ডিজিটেল ডেস্ক, ১৪ মাৰ্চ