নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও নিৰ্মাণ নহল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট ! ডিব্ৰুগড়ত চিটুৰ সংবাদ মেল

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ ডিব্ৰুগড়ৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট আজিও নিৰ্মাণ নহল!সুদীৰ্ঘ ওঠৰটা বছৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতিৰ পোহাৰ মেলাৰ বাহিৰে দেশৰ ভিতৰতে সকলোতকৈ সৰ্ব্বপ্ৰথমে ইউৰিয়া সাৰ উৎপাদন কৰা অসমৰৰ ডিব্ৰুগড় জিলাৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, তেলেঙ্গানাত চাৰিটা মৃত উদ্যোগ পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি আহিল।কিন্তু আন্দোলনৰ পাছত আন্দোলন আৰু প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি দিলে যদিও সাৰ উদ্যোগটোৰ পুণৰ উজ্জীৱিত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।ডিব্ৰুগড়ত এক সংবাদ মেলৰ জৰিয়তে চিটুৱে শীঘ্ৰেই সাৰকাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰা ক্ষেত্ৰত চৰকাৰক পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়। প্ৰতিষ্ঠা কালৰ পৰাই নামৰূপত প্ৰতিষ্ঠিত এই বৃহত উদ্যোগে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তলৈ ৰাসায়নিক সাৰৰ যোগান ধৰি আহিছে।এই সাৰ প্ৰয়োগেৰে অসম তথা ভাৰতৰ বিভিন্ন কৃষি ক্ষেত্ৰৰ শষ্য উৎপাদন আৰু চাহ উৎপাদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ এই বৃহৎ উদ্যোগটো আজি ভাৰত চৰকাৰৰ অৱহেলা আৰু অসম চৰকাৰৰ অমনোযোগিতাৰ বাবে ৰুগ্ন অবস্থালৈ গতি কৰিব ধৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো এখন চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে বুলি আজি সংবাদমেলত অভিযোগ কৰে। উল্লেখযোগ্য যে, তিনিটা গোটৰে গঠিত এই উদ্যোগটোৰ “প্ৰথম গোটটো উপযুক্ত মেৰামতি তথা নৱীকৰনৰ অভাবত ২০০০ চনৰ পৰা বন্ধ হৈ যায়।পৰবৰ্তী সময়ত দুটা গোটেৰে উৎপাদন ক্ষম হৈ থকা উদ্যোগটোৰ দ্বিতীয় গোটটো সময় অনুসৰি মেৰামতি নকৰাৰ বাবে দুৰ্বল অৱস্থালৈ গতি কৰাত আৰু সঘনাই যান্ত্ৰিক বিজুতি ঘটি থকাৰ বাবে ২০০০ চনৰ মে মাহৰ পৰা উৎপাদন বন্ধ হয়।সম্প্রতি তৃতীয় গোটটোৱে সাৰৰ উৎপাদন দি আছে যদিও তৃতীয় গোটটোও ক্ৰমানয়ে দূৰ্বল হৈ পৰিব ধৰিছে আৰু এনে অবস্থাত এই গোটটো কিমান দিনলৈ উৎপাদন ক্ষমহৈ থাকিব তাৰ কোনো নিশ্চয়তা নাই। ডঃ মনমোহন সিঙ নেতৃতাধীন ইউ পি এ চৰকাৰৰ সময়তে কেন্দ্ৰীয় সাৰ আৰু ৰূপায়ন মন্ত্ৰীয়ে ২০০৬ চনতে উদ্যোগটোৰ ৪ৰ্থ গোট স্থাপন কৰাৰ কথা ঘোষনা কৰিছিল যদিও আজি প্ৰায় ১৭ বছৰে এই ঘোষনাক কাৰ্য্যকৰী কৰা দেখা নগ’ল বিগত এই দিঘলীয়া সময় ছোৱাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী বৰ্গৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নামৰূপ ভ্ৰমন কৰি উদ্যোগটো সম্পূৰ্ণ ৰূপে সুস্থ কৰি তোলাৰ কথা ঘোষনা কৰিছিল যদিও সকলো আভুৱা ভৰা ঘোষনা বুলিও সজোৰে সদৰী কৰে। উদ্যেগটোৰ চতুৰ্থ গোট স্থাপনৰ দাবী আৰু দ্বিতীয় গোটটো নতুন প্রযুক্তিৰে সম্পূৰ্ণ ৰূপে কাৰ্য্যক্ষম কৰি তোলাৰ লগতে বৰ্তমানৰ তৃতীয় গোটটোত ১০০% শতাংশ উৎপাদনশীল কৰি তোলাৰ দাবী জনাইছে চিটুৱে।

প্ৰেৰক বিভাস দুৱৰা

You might also like