নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ-শিৱসাগৰ-যোৰহাটত বানৰ সংহাৰ, ৰে’লপথ-ৰাজপথ পানীৰ তলত

উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। অবিৰত বৰষুণৰ ফলত অঞ্চলটোৰ একাধিক নদীৰ জলস্তৰ বিপদসীমাৰ কাষ চাপিছে। নিম্নাঞ্চলৰ বহু গাঁও বানপানীত প্লাৱিত হৈছে। বানৰ পানী ঘৰ-বাৰী আৰু কৃষিভূমিত সোমাই পৰাৰ লগতে বহু পথ আৰু যোগাযোগ ব্যৱস্থা জলমগ্ন হোৱাত যাতায়াত ব্যাহত হৈছে। কিছুমান ঠাইত মথাউৰিও ক্ষতিগ্ৰস্ত হোৱাত কেইবাখনো গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

বিপদসীমাৰ ওপৰেৰে বৈ আছে জাঁজী। জাঁজী নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যেই মথাউৰি চিঙিছে জাঁজী নৰাকুঁৱৰ বাইলু গাঁও চিকিৰি চুকত। মঠাউৰিৰ বৃহৎ অংশ চিঙি নিয়াৰ ফলত প্লাৱিত হৈছে কেইবাখনো গাঁও, নদীৰ অফলাই মঠাউৰিৰ কেইবাটাও অংশলৈ আনিছে ভাবুকি।জলবন্দী হৈ পৰিছে নৰাকুঁৱৰ বাইলুং গাঁও, চিকিৰি চুক মৰানগাঁৱৰ জনতা। মথাউৰিৰ ভঙা অংশৰে পানী সোমোৱাৰ ফলত ঘৰৰ ভিতৰত এককাল পৰ্য্যন্ত পানী সোমোৱাৰ উপৰি জকাইচুক পথাৰৰ বৃহত্তৰ কৃষিভূমি প্লাৱিত কৰিছে

ক্ৰমে ভয়াৱহ হৈ পৰিছে উজনিৰ বানপৰিস্থিতি। দিখৌ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নাজিৰা শিমলুগুৰি আৰু মেজেঙা ষ্টেচনৰ মজৰ কিল’মিটাৰ ৰেলপথ, ৰেলপথৰ বহু অংশ বহি যোৱা দেখা গৈছে, ফলত ৰেল যোগাযোগ সম্পুৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ সম্ভাবনাই দেখা দিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাখাৰ বৰষূণৰ ফলত দিখৌ নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে মেজেঙা ,কেতেকী বাৰী, টিঙিৰি পাম বাঁহগৰা, মাউতগাঁত গাঁৱকে আদি কৰি ২০খন গাঁও। ধোদৰ আলিৰ ওপৰেৰে এককাল পৰ্য্যন্ত পানী হোৱাত ব্যহত হৈ পৰিছে অঞ্চলটোৰ যাতায়াত। বৃহত্তৰ আঞ্চলটোত ৰাতিৰে পৰা আৱদ্ধ হৈ থকা লোকক উদ্ধৰা অভিযানত নামি পৰিছে SDRF ৰ উদ্ধৰকাৰী দল।

আজি দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত দেৰগাঁৱৰ বিভিন্ন অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। বিশেষকৈ মাজগাওঁ, নাহৰণিৰ বৃহত্তৰ অঞ্চলৰ বহুলোকৰ ঘৰৰ ভিতৰত পানী৷ নাহৰণি হাতিয়েখোৱা সংযোগী পথৰ ওপৰতো একাঁঠু পানী৷ আনহাতে এই বৃহত্তৰ অঞ্চলটোৰ ৰোৱা মাটি এতিয়া পানীৰ তলত৷ যাৰ পৰিপেক্ষিতত মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে গাঁৱৰ খেতিয়কসকলৰ৷

মৰিয়নিৰ ভিন্ন প্ৰান্তত জাঁজী নৈ, পুথি নৈ আৰু টীয়ক নৈৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ।মিল গাঁও, লাহিং, চেলেংহাটৰ বেলতল, টেঙাবাৰী, হাটিমুৰীয়া, দুলীয়া, লুখুৰাখন, পানী গাঁও, পানীটোলা, লেফেৰা, হালোৱাপথাৰ, কোঁৱৰগাঁওকে ধৰি শতাধিক গাঁও পানীৰ তলত। পূৰ্বে নোহোৱা পৰিস্থিতি উদ্ভৱ হৈছে। জলবন্দী ৰাইজৰ মাজত হাহাকাৰ।

নুমলীগড়ত বান। কালিয়নী নদীৰ বাঢ়নি পানীত বুৰিল গাঁও। নুমলীগড়ৰ কানাইঘাটৰ যমুনাতলীৰ ভয়ংকৰ দৃশ‍্য। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা কালিয়নী নদীৰ বাঢ়নী পানীয়ে বুৰালে সমীপৰ গাঁও। যমুনাতলীৰ বহু পৰিয়ালৰ বাসগৃহত পানী। বুৰিল পথ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৰ্ণনীয় বান পৰিস্থিতি। বিশেষকৈ উজনিৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আটাইকেইখন নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ৰাজপথৰ ওপৰেদি বাগৰিছে পানী। ঘৰ বাৰী পানীৰ তলত ডুব গৈছে। দুৰ্দশাগ্ৰস্ত ৰাইজে ৰাজপথত আশ্ৰয় ল’বলগীয়া হৈছে। যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। শিৱসাগৰ জিলাৰ চেৰেকাপাৰত দিখৌৰ নদীৰ পানীয়ে প্লাবিত কৰিছে সমগ্ৰ অঞ্চল।

চৰাইদেউ জিলাত অবৰ্ণনীয় বান পৰিস্থিতি। চৰাইদেউ জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জিলাখনত মাজেদি বৈ যোৱা আটাইকেইখন নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা সদৰ সোণাৰি নগৰৰ মাজেদি পাৰ হৈ যোৱা ঐতিসাহিক ধোদৰআলিৰ ওপৰেদি বাগৰিছে এবুকু পানী। সোণাৰি নগৰৰ ৯০ শতাংশ ঘৰ বাৰী পানীৰ তলত ডুব গৈছে। সোণাৰি শিৱসাগৰ আৰু সোণাৰি নামতোলা সংযোগী পথ বন্ধ কৰি দিছে চৰাইদেউ জিলা প্ৰশাসনে।

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like