নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ শিলচৰত জনসভাত ভাষণ দিব জে পি নাড্ডাই

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আগন্তুক অসম বিধানসভা নির্বাচনত মিছন ১০০প্লাছক সাকাৰ ৰূপ দিবলৈ বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্রীয় উপ–সভাপতি তথা প্রভাৰী বৈজয়ন্ত পাণ্ডা যোৱা ৩ জানুৱাৰীত অসমত আহি উপস্থিত হৈছে৷ অসম ভ্রমণৰ এই কালছোৱাত তেওঁক সংগ দিছে বিজেপিৰ অসম প্রদেশৰ সহ–প্রভাৰী পৱন শর্মাই৷ সম্পূর্ণ নির্বাচনী উদ্দেশ্য আগত ৰাখি কৰা এই অসম ভ্রমণত দুয়োগৰাকী নেতাই ইতিমধ্যে প্রায় চল্লিশটাৰো অধিক বিধানসভা সমষ্টিত বহুকেইখন সাংগঠনিক সভাত অংশগ্রহণ কৰাৰ লগতে দলীয় কর্মীসকলৰ লগত মত বিনিময়ত কৰে৷ তদুপৰি আগন্তুক বিধানসভা নির্বাচনত ভাৰতীয় জনতা পার্টীয়ে যাতে সুচাৰুৰূপে আৰু শৃংখলিতভাৱে দলীয় কাম–কাজসমূহ পৰিচালিত কৰিব পাৰে আৰু অতি শক্তিশালী ৰূপত দলে নির্বাচনত অংশগ্রহণ কৰিব পাৰে সেই উদ্দেশ্যে ৮ আৰু ৯ জানুৱাৰীত দলৰ প্রতিটো বিভাগৰ দায়িত্বপ্রাপ্ত বিষয়ববীয়াসকলৰ উপৰি দলৰ ভিন্ন স্তৰৰ নেতাসকলৰ লগত পৃথক পৃথককৈ বহুকেইখন বৈঠকত মিলিত হয় বৈজয়ন্ত পাণ্ডা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা৷ এই সময়ছোৱাত সহ প্রভাৰী পৱন শর্মাই পাঠাশালা, নলবাৰী আদি সমষ্টিত সাংগঠনিক সভাত উপস্থিত থকাৰ উপৰি ১০ জানুৱাৰীত তেওঁ গোৱালপাৰা আৰু বিলাসীপাৰা সমষ্টিতো সাংগঠনিক সভাত অংশগ্রহণ কৰিব৷

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস একেৰাহে অসমৰ বহুকেইখন জিলাত উপস্থিত হৈ সাংগঠনিক সভাত অংশগ্রহণ কৰাৰ লগতে দলৰ তৃণমূল কর্মীসকলৰ সৈতে মত বিনিময় কৰিছে৷ এই সন্দর্ভত মিডিয়া কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰলে কয় যে অতি সুসংগঠিতভাৱে সাংগঠনিক ক্ষেত্রত ৰাষ্ট্রীয় প্রভাৰী, সহ–প্রভাৰী আৰু ৰাজ্যিক সভাপতিৰ কাম–কাজে আগন্তুক নির্বাচনৰ বাবে বিজেপিক অধিক শক্তিশালী কৰাৰ লগতে মিছন ১০০প্লাছক বাস্তৱায়িত কৰাত যথেষ্ট সহায়ক হ’ব৷

ইফালে অহা ১১ জানুৱাৰীত অসম ভ্রমণৰত আহিবলগীয়া দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা উক্ত দিনা দিনৰ ১.৪৫ বজাত শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ড খেলপথাৰত এক বিশাল জনসভাত ৰাইজৰ সম্বোধন কৰিব৷ উক্ত সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ৰাজ্যিক সভাপতি ৰণজিৎ দাস, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা সম্বোধন কৰিব৷ লগতে সাংসদ, বিধায়ক আৰু ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব৷ সন্ধিয়া ৭ বজাত আমিনগাঁৱৰ লোকনির্মাণ অতিথিশালাত দলৰ ক’ৰ সমিতি, নির্বাচন সমিতি আৰু ৰাজ্যিক বিষয়ববীয়াসকলৰ লগত তিনিখন বৈঠকত বহিব ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ আনহাতে ১২ জানুৱাৰীত পুৱা ১০ বজাত কামাখ্যা মন্দিৰ দর্শন কৰি তেওঁ দিল্লীলৈ যাব৷

You might also like