নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুবা ডাইভিঙত মৃত্যু হৈছিল জুবিন গাৰ্গৰ, বিৰোধী ঐক্যমঞ্চৰ স্মৃতিগ্ৰন্থত নাভূত-নাশ্ৰুত কাণ্ড

বিৰোধী ঐক্যমঞ্চৰ নাভূত-নাশ্ৰুত কাণ্ড। স্কুবা ডাইভিঙৰ সময়ত হেনো মৃত্যু হৈছিল জুবিন গাৰ্গৰ। বিৰোধী ঐক্যমঞ্চই প্ৰকাশ কৰা ‘কাঞ্চনজংঘা জুবিন’ স্মৃতিগ্ৰন্থত উল্লেখ কৰিছে এই তথ্য। বিৰোধী ঐক্যমঞ্চৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কালি উন্মোচন কৰা হৈছিল স্মৃতিগ্ৰন্থখন৷ বেদব্ৰত বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছিল বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ তাৎপৰ্যপূৰ্ণ যে এতিয়াও পোহৰলৈ অহা নাই জুবিন গাৰ্গৰ মৃত্যু ৰহস্য৷ এছ আই টিয়ে আৰম্ভ কৰিছে তদন্ত৷ তদন্ত চলি থকাৰ সময়তে বিৰোধী ৰাজনৈতিক দলে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থত মৃত্যুৰ কাৰণ স্কুবা ডাইভিং বুলি উল্লেখ কৰা হৈছে৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ ৰহস্য ভেদ নৌহওঁতেই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ স্কুবা ডাইভিং বুলি উল্লেখ কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই জুবিন অনুৰাগীসকলে।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই৷ এছ আই টিয়ে বিষয়টোক লৈ অব্যাহত ৰাখিছে তদন্ত৷ তৎসত্ত্বেও বিৰোধী ঐক্যমঞ্চই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘কাঞ্চনজংঘা জুবিন’ত জুবিনৰ মৃত্যু স্কুবা ডাইভিঙৰ সময়ত হোৱা বুলি উল্লেখ কৰা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিৰোধী ঐক্যমঞ্চই কি কাৰণত জুবিনৰ মৃত্যু স্কুবা ডাইভিঙৰ ফলত হোৱা বুলি উল্লেখ কৰিছে, সেয়া ৰহস্যজনক বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ যি সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে, এছ আই টি গঠন কৰা হৈছে, এছ আই টিৰ দলক ছিংগাপুৰলৈকে প্ৰেৰণ কৰা হৈছে, তেনে ক্ষেত্ৰত বিৰোধী ঐক্যমঞ্চই জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা স্মৃতিগ্ৰন্থত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু স্কুবা ডাইভিঙত হোৱা বুলি উল্লেখ কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই জুবিন অনুৰাগীসকলে৷

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ছিংগাপুৰ ভ্ৰমণলৈকে যোৱা এজন বিশেষ ব্যক্তিয়ে জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ত মৃত্যু হোৱা বুলি অসমৰ সংবাদ মাধ্যমক জনাইছিল৷ কিন্তু জুবিন গাৰ্গৰ স্কুবা ডাইভিঙত মৃত্যু হোৱা নাছিল বুলি পৰৱৰ্তী সময়ত সেই সংশ্লিষ্ট ব্যক্তিজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷ ইয়াৰ পিছতো বিৰোধী শিবিৰে স্মৃতিগ্ৰন্থত জুবিনৰ মৃত্যু স্কুবা ডাইভিঙৰ সময়ত হোৱা বুলি প্ৰকাশ কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে বিভিন্নজনে৷ ৰাজনৈতিক দলে এনেদৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিতৰ্কিত তথ্য প্ৰকাশ কৰাত ৰহস্যৰ সৃষ্টি হৈছে৷ তদুপৰি তদন্ত চলি থকাৰ সময়তে বিৰোধী ঐক্যমঞ্চৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত এনে তথ্যৰে “তদন্ত প্ৰক্ৰিয়াক প্রভাৱিত কৰাৰ চেষ্টা” বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। বহুতেই বিৰোধীৰ এই প্ৰচেষ্টাক “ৰাজনৈতিক উদ্দেশ্য পূৰণৰ কৌশল” বুলি মন্তব্য কৰিছে। কিয়নো অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত, প্ৰকৃত সত্য এতিয়াও উদঘাটন হোৱা নাই। এনেস্থলত বিৰোধী ঐক্যমঞ্চই স্কুবা ডাইভিঙৰ সময়ত জুবিনৰ মৃত্যুৰ তথ্য ক’ত পালে- এই কথা এতিয়া বিৰোধী ঐক্যমঞ্চৰ পৰা জানিবলৈ বিচাৰিছে প্ৰত্যেকগৰাকী অসমীয়াই৷

ডিজিটেল ডেস্ক, ২০ অক্টোবৰ :

You might also like