INS বিক্ৰান্তত নৌসেনাৰ জোৱানৰে দীপাৱলী পালন প্ৰধানমন্ত্ৰী মোদীৰ
এফালে মোৰ আগত অসীম সাগৰ, আনফালে মাতা ভাৰতীৰ বীৰ সেনাসকলৰ অসীম শক্তি। সাগৰৰ ওপৰত সূৰ্যৰ কিৰণ মোৰ বাবে যেন বীৰ জোৱানসকলৰ জ্বলোৱা চাকিৰ দৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দীপাৱলী উদযাপন কৰিলে দেশৰ সাহসী জোৱানসকলৰ সৈতে সাগৰৰ ঢৌৰ মাজত। তেওঁ গোৱা আৰু কৰোৱাৰ উপকূলত অৱস্থিত ভাৰতৰ প্ৰথম নিজস্ব বিমানবাহী জাহাজ INS বিক্ৰান্তত নৌসেনাৰ জোৱানসকলৰ সৈতে মিঠাই খুৱাই দীপাৱলী পালন কৰে। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এই দীপাৱলী তেওঁৰ বাবে বিশেষ কাৰণ তেওঁ দেশৰ ৰক্ষকৰ মাজত এই উৎসৱ পালন কৰিছে। লগতে তেওঁ জোৱানসকলৰ বীৰত্ব, আত্মনিৰ্ভৰ ভাৰতৰ মিছন আৰু অপাৰেচন সিন্দূৰ-ত তিনিও সেনাৰ অৱদানৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এইবাৰ দীপাৱলী মোৰ বাবে অত্যন্ত বিশেষ। মই কাইলৈ পৰা নৌসেনাৰ মাজত আছোঁ, আৰু তেওঁলোকৰ উৎসাহ আৰু সাহস দেখিবলৈ পাই গৰ্ব অনুভৱ কৰিছোঁ। INS বিক্ৰান্তৰ পৰা মই তিনিও সেনাৰ জোৱানসকলক প্ৰণাম জনাইছোঁ। সাগৰৰ গভীৰতা আৰু সূৰ্যোদয়ৰ দৃশ্যই মোৰ দীপাৱলী বহু অৰ্থত স্মৰণীয় কৰি তুলিছে।”
প্ৰধানমন্ত্ৰীয়ে কৈছিল, “এফালে মোৰ আগত অসীম সাগৰ, আনফালে মাতা ভাৰতীৰ বীৰ সেনাসকলৰ অসীম শক্তি। সাগৰৰ ওপৰত সূৰ্যৰ কিৰণ মোৰ বাবে যেন বীৰ জোৱানসকলৰ জ্বলোৱা চাকিৰ দৰে।”
অপাৰেচন সিন্দূৰৰ বিষয়ে তেওঁ কয়, “এই অভিযানে ভাৰতীয় সেনাৰ পৰাক্ৰমৰ এটা নতুন উদাহৰণ স্থাপন কৰিছে। তিনিও সেনাই পাকিস্তানক অতি কম সময়ৰ ভিতৰত মূৰ দোঁৱাবলৈ বাধ্য কৰিছিল।”
INS বিক্ৰান্তক “ভাৰতৰ আত্মনির্ভৰতা আৰু সুৰক্ষাৰ গৌৰৱৰ প্ৰতীক” বুলি বৰ্ণনা কৰি মোদীয়ে কয়, “অপাৰেচন সিন্দুৰৰ সময়ত এই জাহাজে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু শত্রুক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কাম কৰিছে।”
তেওঁ কয়, “বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণ বৃদ্ধি পাইছে। এতিয়া প্ৰায় প্ৰতিটো ৪০ দিনত এটা নতুন যুদ্ধজাহাজ বা পানীজাহাজ নৌবাহিনীত সংযোজিত হৈছে।” ব্ৰাহ্মোছ মিছাইলৰ বিষয়ে তেওঁ কয়, “এই নিজস্ব প্ৰযুক্তিৰ বিশ্বব্যাপী চাহিদা দিন দিন বৃদ্ধি পাইছে। ভাৰতৰ লক্ষ্য হৈছে বিশ্বৰ শীৰ্ষ ৰক্ষা ৰপ্তানিকাৰক দেশসমূহৰ এটা হ’ব।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত এতিয়া প্ৰায় নক্সালৰ আতংকৰ পৰা মুক্ত হোৱাৰ দিশে আগবাঢ়িছে। ২০১৪ৰ আগতে য’ত ১২৫টা জিলা মাওবাদী হিংসাত জড়িত আছিল, এতিয়া সেই সংখ্যা মাত্ৰ ১১ জিলালৈ নামি আহিছে।” প্ৰধানমন্ত্ৰীয়ে MiG-29K যুদ্ধবিমানে কৰা উড্ডয়ন প্ৰদৰ্শনো উপভোগ কৰে আৰু নৌসেনাৰ বিষয়া আৰু জোৱানসকলৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানতো অংশ লয়, য’ত অপাৰেচন সিন্দূৰৰ ওপৰত দেশভক্তিমূলক সংগীতৰ প্ৰতিধ্বনি দেখুওৱা হৈছিল।
নিয়মীয়া বাৰ্তা ডেস্ক, ২০ অক্টোবৰ