জুবিন গাৰ্গ হত্যাৰ গোচৰ : ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানি
কংগ্ৰেছ চৰকাৰৰ দিনত দুমাহতে দুৰ্ধৰ্ষ অপৰাধীয়ে বেইল পাইছিল, কিন্তু জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকল আজিলৈকে জে’লৰ পৰা ওলাব পৰা নাই
জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ আজি অনুষ্ঠিত শুনানিত কাৰাগাৰ চৌহদত এক আৱেগিক পৰিস্থিতিৰ সৃষ্টি হয়। শুনানিৰ সময়ছোৱাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী গভীৰ অনুশোচনাত ভুগিছে বুলি চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে মন্তব্য কৰে। তেওঁ জনায় যে গোচৰটো চলি থকাৰ ফলত আটাইকেইগৰাকী অভিযুক্ত মানসিকভাৱে দুৰ্বল হৈ পৰিছে।
চৰকাৰী অধিবক্তাৰ ভাষ্যমতে, শুনানিৰ সময়ত অভিযুক্ত অমৃতপ্ৰভা মহন্ত কান্দিবলৈ আৰম্ভ কৰে। যদিও তেওঁ কান্দিছিল, আদালতে চকুপানীলৈ গুৰুত্ব নিদিয়ে আৰু আইন অনুসাৰে শুনানি অব্যাহত ৰাখে। প্ৰদীপ কোঁৱৰে কয় যে সন্দীপন গাৰ্গো দুখত থকা বুলি জানিবলৈ দিছে।
এই সন্দৰ্ভত চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে আজি অনুষ্ঠিত শুনানি আৰু পৰৱৰ্তী শুনানিৰ বিষয়ে সবিশেষ জানিবলৈ দিয়ে। তেওঁ জানিবলৈ মতে, জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ পৰৱৰ্তী শুনানি অহা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব। সেইদিনা হত্যাকাণ্ডৰ সাতগৰাকী অভিযুক্ত সোঁ-শৰীৰে আদালতত উপস্থিত থাকিব নে নাই, সেই বিষয়টোও গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে আচলতে তেওঁলোক উপস্থিত থাকিব লাগে যদিও জেলতে চহী কৰিলেও সেয়া গ্ৰহণযোগ্য হব।
ইফালে, এই গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত দুমাহতে দুৰ্ধৰ্ষ অপৰাধীয়ে বেইল পাইছিল, কিন্তু জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকল আজিলৈকে জে’লৰ পৰা ওলাব পৰা নাই।” তেওঁ লগতে কয় যে এই গোচৰৰ তদন্তত অসম আৰক্ষীয়ে ছিংগাপুৰলৈ গৈও অনুসন্ধান চলাইছে।
মুখ্যমন্ত্ৰীৰ মতে, চৰকাৰে এই হত্যাকাণ্ডক অতি গুৰুত্ব সহকাৰে লৈছে আৰু ন্যায় প্ৰদান নোহোৱা পৰ্যন্ত আইনগত প্ৰক্ৰিয়া অব্যাহত থাকিব। ২২ ডিচেম্বৰৰ শুনানিলৈ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে।
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ